Begin typing your search above and press return to search.

বৈজ্ঞানিকে সম্ভেদ উলিয়ালে পৃথিৱীৰ সবাতোকৈ ডাঙৰ ফুলটোৰ

বৈজ্ঞানিকে সম্ভেদ উলিয়ালে পৃথিৱীৰ সবাতোকৈ ডাঙৰ ফুলটোৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2020 11:15 AM GMT

বৈজ্ঞানিকে সম্ভেদ উলিয়ালে পৃথিৱীৰ সবাতোকৈ ডাঙৰ ফুলটোৰ । পৃথিৱী খন বিভিন্ন ধৰণৰ উদ্ভিদ, গছ গছনিৰে আৱৰা । কিছুমান যদি বিষাক্ত আন কিছুমান দেখিবলৈ ধুনীয়া । পৃথিৱীত বিভিন্ন প্ৰজাতিৰ ফুল পোৱা যায়। বিভিন্ন প্ৰজাতিৰ ফুল সমূহৰ নিজা নিজা বৈশিষ্ট্য । জানিব পৰা মতে ইন্দোনেছিয়াত সম্ভেদ পোৱা গৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ ফুলটোৰ । ইন্দোনেছিয়াৰ পশ্চিম মধ্য সুমাত্ৰাৰ জংঘলত সম্ভেদ পোৱা গৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ ফুলটোৰ। এই ফুলটোৰ আকাৰ ইমানেই বৃহৎ যে আপুনি হয়টো কল্পনা কৰিব ও নোৱাৰিব । জানিব পৰা মতে এই ফুলটো চাৰি বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে। এই ফুলটোৰ নাম ৰেফলিসিয়া বুলি জানিব পৰা গৈছে। ২০১৭ চনত এই খন অৰণ্যৰ মাজতেই তিনি ফুট ১২ কিলোমিটাৰ পৰ্যন্ত দীঘল ৰেফলিছিয়া ফুল পোৱা গৈছিল ।এইটো এক পৰজীৱী উদ্ভিদ। এই ফুলটোৰ পৰা যথেষ্ট পৰিমাণে দুৰ্গন্ধ বিয়পি পৰে বুলি ও জানিব পৰা গৈছে।

এই ফুলটো দেখাত সুৰুজমুখী ফুলৰ নিচিনা। এই ফুলটোৰ ৰং সাধাৰণতে গেৰুৱা, আকাশী আৰু বগা হয় । এই ঠাইৰ স্থানীয় লোক সকলে এই ফুলটোৰ নাম ক্ৰোপচ বুলি কয় । এই ফুলটটোৰ পৰা যথেষ্ট দুৰ্গন্ধ বিয়পি পৰে । এই ফুলটোৰ বিশেষত্ব এয়ে যে এই ফুলটোত কোনো ধৰণৰ পাত দেখা পোৱা নাযায়। এই ফুলটো পৰজীৱী হোৱা হেতুকে খাদ্য অন্য উদ্ভিদৰ পৰা আহৰণ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : এটা নদীদ্বীপ;য’ত ৪৫ বছৰৰ পৰা বাস কৰা নাই কোনো লোকে,ক’ত আছে এই নদীদ্বীপটো

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA Protests: Mass Convention launched by AASU in Nagaon

Next Story
চাকৰি