বিবিধ

ভূতৰ আতংকত চিন্তিত একাংশ লোক, অৱশেষত আৰক্ষীৰ জালত পৰিল ভূত

Sentinel Digital Desk

ভূতৰ আতংকত চিন্তিত একাংশ লোক, অৱশেষত আৰক্ষীৰ জালত পৰিল ভূত। বেংগালুৰুত সংঘটিত ঘটনা । ৭ জন‌ যুৱকৰ ধেমালি‌ অৱশেষত ভূল পৰিণত হ'ল । মঙ্গলবাৰে বেংগালুৰু আৰক্ষীয়ে ভূতৰ ৰূপত আটক কৰিলে ৭ জন যুৱকক । আৰক্ষীয়ে জনোৱা অনুসৰি এই ঘটনা সংঘটিত হয় বেংগালুৰুৰ শ্বৰীফ নগৰ অঞ্চলত।জানিব পৰা মতে বেংগালুৰুৰ ৭ জন যুৱকে ভূতৰ ৰূপ ধাৰণ কৰি মূৰত দীঘল চুলি , বোগা পোছাক পিন্ধি নিশা ঘূৰি ফুৰে ।

এই ঘটনাৰ লগত জড়িত এটা ভিডিঅ' পোহৰলৈ আহিছে । ভিডিঅ'টোত যুৱক কেইজনে তেজ লগা কাপোৰ , মুখা পিন্ধি ৰাস্তাত টেক্সী, গাড়ী ,অটো আদিক ভয় খুওৱা দেখা যায়।দৰাচলতে এই সাত জন‌ যুৱকৰ "কোকি‌ পিডিয়া" নামৰ এটা ইউটিউব চেনেল আছে। এই সাত জন যুৱকে প্ৰেংক ভিডিঅ' বনাই আছিল । যাৰ বাবে ৰাস্তাৰে যোৱা গাড়ী সমূহক ভূতৰ ভয় দেখুৱাই প্ৰস্তুত কৰিছিল ভিডিঅ'।‌

ধৃত যুৱককেইজনৰ নাম ছান মালিক, নিৱাদ, ছেমুৱেল মহম্মদ, মহম্মদ আখউব, ছাকিব, ছয়দ নাবিল আৰু ইউছুফ আহমেদ । লগতে যুৱক কেইজন‌ চিটি কলেজৰ বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোকৰ বয়স ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত হ'ব।

জানিব পৰা মতে তেওঁলোকৰ ভিডিঅ'ইউটিউবত " ঘোষ্ট প্ৰেংক ইন বেংগালুৰু" বুলি আপলোড হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি এই প্ৰেংক ভিডিঅ' ৰ বাবে কৰা ধেমালি বেংগালুৰুৰ শ্বৰীফ নগৰৰ বাসিন্দা সকলৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছিল ।তদুপৰি প্লেংক ভিডিঅ' বনোৱাই যুৱক কেইজনৰ উদ্দেশ্য আছিল।‌

ভিডিঅ প্ৰতক্ষ্য কৰক: Contractual Labour Union-IOCL staged protest