Begin typing your search above and press return to search.

বৰ্বৰ : নিজৰ শাহুৱেকক নিৰ্মমভাৱে মাৰধৰ বোৱাৰীৰ , ভিডিঅ' ভাইৰেল

বৰ্বৰ : নিজৰ শাহুৱেকক নিৰ্মমভাৱে মাৰধৰ বোৱাৰীৰ , ভিডিঅ ভাইৰেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2019 1:08 PM GMT

বৰ্বৰ : নিজৰ শাহুৱেকক নিৰ্মমভাৱে মাৰধৰ বোৱাৰীৰ , ভিডিঅ'ভাইৰেল। এগৰাকী বোৱাৰীয়ে নিজৰ শাহুৱেকক ডিঙি চেপি অতি নিৰ্মমভাৱে মাৰধৰ কৰাৰ ভয়ানক ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। এই ভয়ানক ঘটনা‌ সংঘটিত হয় উত্তৰ প্ৰদেশৰ বিজনোৰত ।শেহতীয়াকৈ বৃদ্ধা গৰাকীৰ পুত্ৰই বাসগৃহত চি চি টিভি সংযোজন কৰিছিল । তাৰ পিছতেই সন্মুখলৈ আহে এই বৰ্বৰ ঘটনা । ভিডিঅ'টোত দেখা পোৱা অনুসৰি যে অসহায় দুৰ্বল ৭০ বছৰীয়া ৰাজৰাণী জৈন নামৰ বৃদ্ধা গৰাকীক তেওঁৰ বোৱাৰীয়ে প্ৰথমতে হাতেৰে , তাৰপিছত কাপোৰেৰে বান্ধে আৰু তাৰপিছতেই ইটাৰ টুকুৰাৰে মাৰধৰ কৰে।

কুন্দন শ্ৰী বাস্তৱ নামৰ এজন লোকে এই ভিডিঅ'টো তেওঁৰ ফেচবুক পেজৰ জৰিয়তে শ্বেয়াৰ কৰে । তদুপৰি এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈ পৰে।

সংগীতা জৈন আৰু সন্দীপ জৈন ৭ সাত‌ বছৰ আগতে বিবাহ পাশত আবদ্ধ হৈছিল । তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰ এতিয়াও আদালতত বিচাৰধীনহৈ আছে । পূৰ্বতে সংগীতাই স্বামী সন্দীপৰ বিৰুদ্ধে যৌতুক দাবীৰ গোচৰ দাৱী কৰিছিল। সেই গোচৰৰ ভিত্তিত সন্দীপক এদিনৰ বাবে আৰক্ষীয়ে আটক কৰিছিল।

সন্দীপে সন্দেহ কৰিছিল যে সংগীতাই তেওঁৰ মাতৃক মাৰ ধৰ কৰে ।‌ সংগীতাৰ ওপৰত চকু দিবলৈ তেওঁ মাতৃৰ কোঠাত চি চি টিভি সংযোজন‌ কৰিছিল।‌ ৫ জানুৱাৰী তাৰিখে সন্দীপে এটা চি চি টিভি ফুটেজ দেখিছিল য'ত সংগীতাই মাতৃক নিৰ্দয় ভাৱে মাৰ ধৰ কৰিছিল ।‌এই বিষয়ে সন্দীপে আৰক্ষীক অৱগত কৰে আৰু বৰ্তমান আৰক্ষীৰ জিম্মাত থকা সংগীতাক আজি আদালতত হাজিৰ কৰোৱা হয়।

অন্য খবৰৰ বাবে পঢ়ক: ৯৭ বছৰৰ পৰা স্থিৰ হৈ আছে এখন গাঁৱৰ জনসংখ্যা , ক’ত আছে এইখন গাওঁ?

ভিডিঅ প্ৰতক্ষ্য কৰক: Contractual Labour Union-IOCL staged protest

Next Story