Begin typing your search above and press return to search.

৯৭ বছৰৰ পৰা স্থিৰ হৈ আছে এখন গাঁৱৰ জনসংখ্যা , ক'ত আছে এইখন গাওঁ?

৯৭ বছৰৰ পৰা স্থিৰ হৈ আছে এখন গাঁৱৰ জনসংখ্যা , কত আছে এইখন গাওঁ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2019 11:26 AM GMT

৯৭ বছৰৰ পৰা স্থিৰ হৈ আছে এখন গাঁৱৰ জনসংখ্যা , ক'ত আছে এইখন গাওঁ? যদি আমাক কোনোবাই কয় যে এখন গাঁওৰ জনসংখ্যা বিগত কেইবাবছৰ ধৰি একেই আছে তেন্তে সেয়া আচৰিত লাগিব । কিন্তু বাস্তৱত এখন এনেকুৱা গাওঁ আছে য'ত বিগত ৯৭ বছৰৰ পৰা জনসংখ্যা এতিয়াও স্থিৰে আছে ।

এই গাওঁ খন‌ আছে মধ্যপ্ৰদেশৰ বৈতুল জিলাত । বৈতুলত অৱস্থিত এই গাওঁ খনৰ নাম ধনোৰা গাওঁ । জানিব পৰা মতে গাওঁ খনৰ জনসংখ্যা ১৯২২ চনত ১,৭০০ জন‌ আছিল আৰু বৰ্তমানো গাঁওৰ জনসংখ্যা সিমনেই আছে । গাওঁ খনৰ কোনো এটা পৰিয়ালতে দুটাতকৈ অধিক ল'ৰা ছোৱালী নাই । ধনোৰা গাওঁত ল'ৰা ছোৱালীৰ মাজত ভেদ‌ ভাৱৰ সৃষ্টি নকৰে ।

বিশ্বত সমস্যা বৃদ্ধিৰ কাৰণ জনসংখ্যা বুলিয়ে কোৱা হয়। কিয়নো প্ৰতিখন দেশতে দিনক দিনে জনসংখ্যা বৃদ্ধি‌ পোৱা দেখা যায়। কিন্তু ধনোৰা গাওঁত এতিয়ালৈকে জনসংখ্যা বৃদ্ধি হোৱা নাই।‌

গাওঁ খনৰ স্থানীয় বাসিন্দা এছ কে মহাবিয়াই কয় যে ১৯২২ চনত কংগ্ৰেছে গাওঁ খনত এখন সন্মিলনৰ‌ আয়োজন কৰিছিল । সেই সন্মিলন‌ খনত কস্তুৰিবা গান্ধীও সহযোগ‌ কৰিছিল। কস্তুৰিবাই গাওঁ সমূহৰ জনসাধৰণৰ সুখী জীৱন যাপনৰ বাবে "সৰু পৰিয়াল, সুখী পৰিয়াল " শ্লোক গানৰ প্ৰয়োগ কৰিছিল। কস্তুৰিবাৰ এই কথা গাওঁৱাসীয়ে মানি লৈছিল আৰু পৰিয়াল নিয়ন্ত্ৰনৰ ধাৰণা আৰম্ভ হৈছিল ।

গাওঁ খনৰ বয়োজ্যোষ্ঠ ব্যক্তি সকলে জনোৱা অনুসৰি কস্তুৰিবা গান্ধীৰ কথাটো গাওঁৰ জনসাধাৰণে হৃদয়েৰে মানি লৈছিল। তাৰপিছতেই গাঁওৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত লক্ষ্য ৰাখিছিল আৰু লাহে লাহে জনসংখ্যা নিয়ন্ত্ৰণ হৈ আহিছিল ।

আনহাতে ধনোৰাৰ ওচৰ পাজৰৰ কিছুমান গাওঁ‌ আছে যি সমূহ গাঁওৰ জনসংখ্যা বিগত ৫০ বছৰৰ জনসংখ্যাতকৈ ৫ গুন বৃদ্ধি পাইছে।

অন্য খবৰৰ বাবে পঢ়ক: পৃথিৱীৰ সবাতোকৈ দামী কেঁকোৰা,যাৰ দাম শুনিলে আচৰিত হ’ব আপুনি

ভিডিঅ প্ৰতক্ষ্য কৰক: City Livelihood Centre inaugurated by Parimal Suklabaidya in Hailakandi

Next Story
চাকৰি