পৃথিৱীৰ সবাতোকৈ দামী কেঁকোৰা,যাৰ দাম শুনিলে আচৰিত হ'ব আপুনি

পৃথিৱীৰ সবাতোকৈ দামী কেঁকোৰা,যাৰ দাম শুনিলে আচৰিত হ'ব আপুনি। আমি বিভিন্ন ধৰণৰ জীৱ জন্তু , পশু পক্ষী দেখিছো । কিন্তু সেই জীৱ জন্তুসমূহ কৰ পৰা আহে বা সেই সমূহৰ মূল্য কিমান সেই বিষয়ে আমি জ্ঞাত নহয় । তদুপৰি বহু সময়ত কিছুমান দুৰ্লভ জীৱ নিলামীৰ সময়ত বহু কোটি টকাৰ বাবদ বিক্ৰী হোৱা দেখা যায় । পৃথিৱীত এনেকুৱা বহু লোক আছে যিয়ে জীৱ জন্তু ক্ৰয় কৰি ভাল পায় আৰু তাৰ বাবদ যিকোনো দাম দিবলৈ সাজু হয়। প্ৰাচীন বস্তুৰ নিলামী হোৱা সাধৰণ কথা । কিন্তু আজি আমি আপোনালোকক এনেকুৱা এটা কেঁকোৰাৰ কথা কম যাৰ মূল্য শুনিলে আচৰিত হ'ব আপুনিও। জানিব পৰা মতে কেঁকোৰাটো বিক্ৰী হৈছে ৩২ লাখ ৬৬ হাজাৰ টকাত । তদুপৰি এই কেঁকোৰাটো পৃথিৱীৰ সবাতোকৈ দামী কেঁকোৰা বুলি কোৱা হৈছে ।
বিশ্বৰ সবাতোকৈ দামী কেঁকোৰাটো বিক্ৰী হৈছে জাপানৰ পশ্চিম ক্ষেত্ৰৰ টট্টোৰীত।জানিব পৰা মতে বিশ্বৰ সবাতোকৈ দামী এই কেঁকোৰাটো পোৱা যায় বৰফৰ মাজত। কেঁকোৰাটোৰ নাম হ'ল ক্ৰষ্টেশিয়ন । জাপানত ঠাণ্ডা বতৰ আৰম্ভ হোৱাৰ লগে লগে চি-ফুডৰ নিলামী হয় । এই নিলামীত টুনা নামৰ মাছৰ বিক্ৰী অধিক হয় ।
তদুপৰি জানিব পৰা মতে কেঁকোৰাটোৰ ওজন ১.২ কিলোগ্ৰাম আৰু দীঘল প্ৰায় ১৪.৬ চেন্টিমিটাৰ। বিগত বৰ্ষত জাপানত আন এক কেঁকোৰাৰ মূল্য ১৩ লাখ টকা আছিল যিটোৱে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল।
এই বৰ্ষৰ কেঁকোৰাৰ দামে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ ৰচিলে । সংবাদ মাধ্যমৰ পৰা জানিব পৰা মতে বিশ্বৰ সবাতোকৈ দামী কেঁকোৰাটো এজন স্থানীয় ব্যৱসায়ীয়ে ক্ৰয় কৰিছে । তদুপৰি কেঁকোৰাটো জাপানৰ গ্লিটজি গিঞ্জাত অৱস্থিত এখন ৰেষ্টোৰেন্টত ৰখা হব বুলি জানিব পৰা গৈছে ।
আনহাতে জাপানৰ আন এজন ব্যৱসায়ীয়ে ২২ কোটি টকাত টুনা মাছ ক্ৰয় কৰা বুলি আন এক বাতৰিও পোহৰলৈ আহিছে।
অন্য খবৰৰ বাবে পঢ়ক: আচৰিত! এখন দেশ , য’ত সম্পন্ন হয় জীৱিত লোকৰ অন্তিম সৎকাৰ
ভিডিঅ প্ৰতক্ষ্য কৰক: Bodoland International Paragliding Accuracy Championship begins