আচৰিত! এখন দেশ , য'ত সম্পন্ন হয় জীৱিত লোকৰ অন্তিম সৎকাৰ

আচৰিত! এখন দেশ , য'ত সম্পন্ন হয় জীৱিত লোকৰ অন্তিম সৎকাৰ । সাধৰণতে মৃত ব্যক্তিৰহে অন্তিম সৎকাৰ কৰা হয় ।কিন্তু কেতিয়াবা আপুনি জীৱিত ব্যক্তিৰ অন্তিম সৎকাৰ কৰা হয় বুলি শুনিছেনে ? কিন্তু পৃথিৱীত আছে এনে এখন দেশ য'ত জীৱিত ব্যক্তিৰ অন্তিম সৎকাৰ কৰা হয়।
জীৱিত ব্যক্তিৰ অন্তিম সৎকাৰ কৰা এই দেশ খনৰ নাম হ'ল দক্ষিন কোৰিয়া। দক্ষিন কোৰিয়াত প্ৰচলিত এই প্ৰথাক লিভিং ফ্যুনৰেল প্ৰক্ৰিয়া বুলি জনা যায় । লিভিং ফ্যুনৰেল প্ৰক্ৰিয়াৰ দ্বাৰা দক্ষিন কোৰিয়াৰ লোক সকলে জীৱনৰ মূল্য ভালদৰে উপলদ্ধি কৰা আৰু তাক সংশোধন কৰাৰ বাবে মৃত্যুৰ অনুভৱ লোৱা দেখা যায় ।
জীৱনৰ মূল্য উপলব্ধি কৰা প্ৰক্ৰিয়াটোৰ নামেই হ'ল লিভিং ফ্যুনৰেল। জানিব পৰা মতে এই প্ৰক্ৰিয়াত জীৱিত ব্যক্তিক ১০ মিনিটৰ বাবে কবৰত আৱদ্ধ কৰা হয় । তদুপৰি কবৰত আৱদ্ধ কৰাৰ পূৰ্বে জীৱিত ব্যক্তি জনৰ লগত সেই সকলোবোৰ নিয়ম পালন কৰে যিবোৰ নিয়ম এজন মৃত ব্যক্তিৰ অন্তিম সৎকাৰৰ বাবে কৰা হয়।
জানিব পৰা মতে বিগত সাত বছৰত দক্ষিণ কোৰিয়াত লিভিং ফ্যুনৰেল প্ৰক্ৰিয়াত প্ৰায় ২৫,০০০ লোকে অংশ গ্ৰহণ কৰিছে । দক্ষিণ কোৰিয়াত এই প্ৰক্ৰিয়াৰ আৰম্ভ কৰে ২০১২ চনত হায়োৱোন হিলিং নামৰ কোম্পানীটোৱে । সূত্ৰৰ পৰা জানিব পৰা মতে কোম্পানীটোৰ বাৰ্তা হ'ল যে জীৱিত অৱস্থাতে তেওঁলোকক মৃত্যুৰ অনুভৱ কৰালে হয়তো মানুহে নিজৰ জীৱনৰ প্ৰতি বেছি গুৰুত্ব প্ৰদান কৰিব ।
জানিব পৰা মতে কিছুদিন পূৰ্বে ৭৫ বছৰীয়া চো- জে-হি নামৰ লোক জনে লিভিং ফ্যুনৰেল প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিছিল। তেওঁ কয় যে এবাৰ মৃত্যুৰ অনুভৱ কৰিলে জীৱনত এক নতুন দৃষ্টিকোণ লাভ কৰে ।
অন্য খবৰৰ বাবে পঢ়ক: এখন দেশ, য’ত চছমা পিন্ধি কাম কৰিব নোৱাৰে মহিলাই ,ক’ত এই দেশ খন?
ভিডিঅ প্ৰতক্ষ্য কৰক: Bodoland International Paragliding Accuracy Championship begins