এখন দেশ, য'ত চছমা পিন্ধি কাম কৰিব নোৱাৰে মহিলাই ,ক'ত এই দেশ খন?

এখন দেশ, য'ত চছমা পিন্ধি কাম কৰিব নোৱাৰে মহিলাই ,ক'ত এই দেশ খন? ।বহু সময়ত কাৰ্যালয়ত কম্পিউটাৰত কাম কৰা লোক সকলে চছমা পৰিধান কৰা দেখা কৰা দেখা যায় । কম্পিউটাৰত বেছি সময় কাম কৰা লোক সকলে প্ৰায়ে চকুৰ ৰোগত ভুগা দেখা যায় । কিন্তু এনেকুৱা এখন দেশ আছে য'ত বিভিন্ন কোম্পানীত কাম কৰা মহিলা সকলে চছমা পৰিধান কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে । লগতে ইয়াৰ আঁৰত আছে বিশেষ কাৰণ ।
তথ্য অনুসৰি জানিব পৰা মতে এই নীতি প্ৰযোজ্য কৰা হৈছে জাপানত । জাপানৰ কাৰ্যালয় সমূহত কৰ্মৰত মহিলাই পৰিধান কৰিব নোৱাৰে চছমা । কিন্তু পুৰুষ কৰ্মচাৰী সকলৰ ক্ষেত্ৰত এনেধৰণৰ কোনো নীতি প্ৰযোজ্য হোৱা নাই । নিয়মানুসাৰে জাপানত এয়াৰ লাইনৰ পৰা আৰম্ভ কৰি ৰেষ্ট'ৰেন্ট আদিত কৰ্মৰত কোনো মহিলাই পৰিধান কৰিব নোৱাৰে চছমা।
জানিব পৰা মতে জাপানৰ এটা কোমপানীৰ মহিলা সকলক প্ৰসাধন কৰি কাৰ্যলয়লৈ আহিবলৈ কৈছে । ইয়াৰোপৰি কোম্পানীৰ মহিলা সকলক নিজৰ ওজন কম কৰাৰ বাবেও নিৰ্দেশ দিছে জাপানৰ কোম্পানী সমূহে । তেওঁলোকৰ মতে কোম্পানীত কাম কৰা মহিলা সকলে চছমা পিন্ধি আহিলে তেওঁলোকৰ সৌন্দৰ্য্যতা প্ৰভাৱ পৰে । যাৰ ফলত ইয়াৰ প্ৰভাৱ গ্ৰাহক সকলৰ ওপৰতো পৰে আৰু তাৰ ফলত কোম্পানীৰ আয়ৰ ক্ষেত্ৰত ক্ষতি সাধন হয় ।
জাপানৰ মহিলা সকলে কোম্পানীৰ এনেধৰণৰ কিছু আজৱ নিয়মৰ বিৰোধীতা কৰাৰ বাতৰিও আহিছে ।
সূত্ৰই জনোৱা অনুসৰি এনেকুৱা নহয় যে জাপানত প্ৰথম বাৰৰ বাবে এনে ধৰনৰ কিছুমান আজৱ নিয়ম প্ৰযোজ্য কৰিছে । ইয়াৰ আগতেও বহুবাৰ জাপানত কিছুমান পৃথক নিয়মৰ ব্যৱস্থা কৰা দেখা যায়। কিছুদিন পূৰ্বে জাপানৰ মহিলা কৰ্মচাৰী সকলে কৰ্মৰত অৱস্থাত হাই হিল পিন্ধাটো অনিবাৰ্য আছিল । জাপানৰ মহিলা কৰ্মচাৰী সকলে এই নিয়মৰ ওপৰতো তীব্ৰ বিৰোধীতা কৰিছিল । তাৰ পিছতেই জাপানৰ শ্ৰম মন্ত্ৰনালয়ে এই ধৰণৰ কিছুমান আজৱ নিয়মৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল ।
অন্য খবৰৰ বাবে পঢ়ক: কুকিল কন্ঠী লতা মংগেশকাৰ অসুস্হ, পূৰ্বতকৈ স্বাস্থ্যৰ কিছু উন্নতি
ভিডিঅ প্ৰতক্ষ্য কৰক: Bodoland International Paragliding Accuracy Championship begins