বিবিধ

২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সময়ত ভূৱা তথ্য আৰু উৰাবাতৰিৰ বিৰুদ্ধে প্ৰস্তুতি

Sentinel Digital Desk

বৰ্তমান যুগত পৃথিৱীৰ ভিতৰতে ডাঙৰ এটা ছছিয়েল মেডিয়াৰ মাধ্যম হৈছে ফেচবুক। যত আপুনি সহজেই বাতৰি বিচাৰি পাব । ফেচবুকে মানুহক এটা মাধ্যম দিছে যত সকলোৱে নিজৰ আৱেগ,অনুভূতি, মত, অভিমত প্ৰকাশ কৰিব পাৰি । ফেচবুকে মানুহক নিজকে প্ৰকাশ কৰাৰ স্বাধীনতা প্ৰদান কৰি প্ৰতিজন ব্যক্তিক গনতান্ত্ৰীক নাগৰিক হিচাপে জীয়াই থকাক সফল কৰিছে। পিছে ই ভুল তথ্য প্ৰকাশ কৰাটোতো সমানেই অংশীদাৰ ।

বৰ্তমানলৈকে ফেচবুকে ভুল বাতৰিৰ লগতে কিছুমান প্ৰয়োজনীয় তথ্যৰো যোগান ধৰি আহিছে । ফেচবুক আৰু অন্যান্য ছছিয়েল মেডিয়া মাধ্যমবোৰে আজিকালি এনে মাধ্যমত উপলব্ধ থকা ভূল তথ্য আৰু উৰাবাতৰি সমূহ আঁতৰোৱাৰ অপ্ৰান চেষ্টা কৰি আহিছে ।

ভাৰতৰ লোকসভা নিৰ্বাচন :

ভাৰতৰ লোকসভা নিৰ্বাচন ২০১৯ সমাগত । ছছিয়েল মেডিয়াৰ সমস্যাটো হৈছে যে ই অতি সহজেই ভূল তথ্য আৰু বাতৰিৰ প্ৰতি স্পৰ্শকাতৰ হৈ পৰে । আজি আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম যি কেইটাৰ যোগেদি ছছিয়েল মেডিয়াত প্ৰচলিত থকা ভূল তথ্য আৰু বাতৰিয়ে যাতে এই মাধ্যমৰ একো ক্ষতি কৰিব নোৱাৰে তাক সুনিশ্চিত কৰিব ।

* ফেচবুকৰ যোগেদি মানুহক সজাগ হৈ থাকিবৰ বাবে শিক্ষিত আৰু সৱলীকৰন কৰা ।

* চৰকাৰ আৰু জনসাধাৰণৰ লগত একেলগে কাম কৰা ।

What's app ৰ সহজ সুবিধাসমূহ:

What's app এ কিছুমান নতুন সুবিধা অন্তৰ্ভুক্ত কৰিছে । যাৰ সহায়ত আমি কিছুমান বিশেষ "লেবেল " বিভিন্ন জনলৈ পঠিয়াব পাৰো । এনেদৰে পঠিওৱা বাৰ্তা সমূহ ভালদৰে নিৰীক্ষণ কৰাৰ সুবিধাও what's app এ অন্তৰ্ভুক্ত কৰিছে ।

What's app ৰ যোগেদি অহা তথ্য আলোকচিত্ৰ সমূহৰ উৎসও বিশ্বাসযোগ্য হব লাগিব নহলে সেই আলোক চিত্ৰ সমূহক ভূল তথ্য হিচাপে গন্য কৰা হব । সজাগতা সৃষ্টিৰ বাবে what's app এ এক নতুন শ্লোগানে উলিয়াইছে । " আনন্দৰ ভাগ বতৰা কৰা , উৰাবাতৰিৰ নহয় ।" ( share joy, not rumours) যিটো বৰ্তমান সময়ত জনপ্ৰিয় হৈ পৰিছে। what's ap যোগে গোট সমূহৰ লৈ কিছুমান নতুন সুবিধা কৰিছে , যাৰদ্বাৰা বাৰ্তা সমূহৰ গোপনীয়তা নিজৰ বা গোটৰ চালকজনৰ অধীনত ৰাখিব পাৰি যাতে ভূলতথ্য আৰু উৰাবাতৰি বন্ধ হব ।

What's app ৰ সীমাবদ্ধতা:

What's app এ আজিকালি বাৰ্তা সমূহ পঠিওৱাৰ সংখ্যা এবাৰত কেবল মাত্ৰ পাচটা গোটলৈ সীমাবদ্ধ কৰিছে । what's app এনে এটা এপ্লিকেশ্যন যাৰ উল্লেখযোগ্য উদ্দেশ্যটোৱেই হল ভাগ-বতৰা । এই নতুন সুবিধা টোৱেই বাৰ্তা প্ৰেৰণ কৰাৰ সীমাবদ্ধতা আনি দিছে । কিছু কিছু ঠাইত হোৱা কিছুমান অপ্ৰীতিকৰ ঘটনাৰ কাৰনো ভূল তথ্য আৰু উৰাবাতৰি হব পাৰে ।

ফেচবুকেও একেধৰণে চেষ্টা চলাই আহিছে , যাতে তেওঁলোকেও ফেচবুকৰ পৰা ভূল তথ্য সমূহ আঁতৰাব পাৰে । ইয়াত উপলব্ধ থকা মিছা একাউণ্ট সমূহ সাধাৰণতে ৰাজনৈতিক মতামত দিবৰ বাবে বা ভোটাৰৰ মন সলনি কৰাৰ বাবে ব্যৱহাৰ কৰা হয় । এনে একাউণ্টত সমুহ ফেচবুকে আতৰোৱাৰ ব্যবস্থা কৰিছে। ফেচবুকে এইটো নিশ্চিত কৰিছে যে এতিয়াৰ পৰা ইয়াৰ ব্যৱহাৰকাৰীয়ে ফেচবুকে কেনেদৰে কাৰ্যসমূহ সম্পাদন কৰে তাৰ বিষয়ে এটি স্পষ্ট ধাৰণা পাব ।