লোকসভা নিৰ্বাচন ২০১৯ ক ভুল তথ্য আৰু উৰা বাতৰিৰ পৰা দুৰত ৰাখিবলৈ ফেছবুকৰ পদক্ষেপ সমূহ

একবিংশ শতিকাৰ মানুহৰ জীৱনত ফেছবুক এটি অতি গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে ৷মানুহক এনে এখন মঞ্চ আগবঢ়াই দিছে য’ত সকলোৱে নিজৰ মনৰ কথা বিনাদ্বিগ্ধাই আলোচনা কৰিব পাৰে। উদাহৰণ স্বৰূপে ৰাজনীতি ৷আজিকালি ফেচবুকত অসংখ্য ৰাজনৈতিক প’ষ্ট দেখিবলৈ পোৱা যায় ।আনকি মানুহে চৰকাৰৰ বিৰুদ্ধেও অনায়াসে নিজৰ মতামত দাঙি ধৰিছে ৷ এইয়া হৈছে ফেচবুকে আনি দিয়া সাহস আৰু স্বাধীনতা ৷
ফেছবুকে লোৱা পদক্ষেপসমূহ
সমস্যাটোৰ গভীৰতাৰ ওপৰত লক্ষ্য ৰাখি ফেচবুকে বহুতো উন্নত প্ৰযুক্তি বিদ্যাৰ সহায় লৈ ঋণাত্মক তথ্য সমুহ ফেচবুকৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিছে ৷ফেচবুকে ভাৰতৰ অন্যান্য ছ’চিয়েল মিডিয়াৰ লগত অংশীদাৰী কৰি তেওঁলোকৰ
শিৰোনামা মন কৰা
বেছিভাগ ভুল তথ্য বা বাতৰিৰে শিৰোনামা বোৰ বেছিয়ে আকৰ্ষনীয় বা আমোদ জনক হয় যাতে ই সহজে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ৷
উৎস পৰীক্ষা কৰা
বাতৰি বা তথ্যটোৰ উৎসুক গুৰুত্বসহকাৰে পৰীক্ষা কৰা ৷
তাৰিখ পৰীক্ষা কৰা
বেছিভাগ ভুল তথ্য বা বাতৰিৰে কোনো নিৰ্দিষ্ট আৰু শুদ্ধ তাৰিখ নাথাকে ৷
মিছা আলোকচিত্ৰ
ভুল তথ্য বা বাতৰিৰ লগত কিছুমান আকৰ্ষনীয় আৰু মিছা আলোকচিত্ৰ থাকে ৷
ফেছবুকে ইতিমধ্যে এই তালিকাখন প্ৰস্তুত কৰিছে ৷আমি সকলোৱে এই খিনি ভালদৰে মানি চলিব লাগে ৷ফেছবুকে এই প্ৰচেষ্টা যোৱা বছৰেই আৰম্ভ কৰিছিল ।বৰ্তমান ফেছবুকত আপুনি সহজেই প্ৰকৃত তথ্য বা বাতৰি বিচাৰি পাব ৷ফেচবুকে আন্তঃৰাষ্ট্ৰীয় খবৰবোৰ পোৱাটো সহায় কৰে ৷ যিহেতু তেওঁলোকে সাধাৰণতে সত্য আৰু প্ৰকৃত বাতৰিহে প্ৰকাাশ কৰে ।মিছা আৰু বিপদ ঘটাব পৰা তথ্যবোৰে বিভিন্ন ধৰণেৰে প্ৰকাশ হয় ।ফেচবুকে এইবোৰ বন্ধ কৰিবলৈ কিছুমান পন্থা হাতত লৈছে ৷
অধিক খবৰৰ বাবে পঢ়ক: ভুল তথ্য কি ?