Begin typing your search above and press return to search.

ভুল তথ্য কি ?

ভুল তথ্য কি ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jun 2019 1:02 PM GMT

ভুল তথ্য সাধাৰণতে প্ৰকৃত তথ্য সমূহক লুকুৱাই ৰাখি মানুহক ঠগিবলৈ সৃষ্টি কৰা তথ্য ৷ যিবোৰৰ কোনো নিৰ্দিষ্টতা নাই ৷মানুহৰ মাজত কন্দল,অপ্ৰীতিকৰ ঘটনা বা বিতৰ্ক সৃষ্টি হোৱাৰ মূল কাৰণ ভুল তথ্য ৷কিছুমান মনে সজা কাহিনীৰ প্ৰচাৰে মানুহক উত্তেজিত কৰি তোলে আৰু কেতিয়াবা এনে ধৰণৰ কাহিনীয়েই জাতিগত সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে।

প্ৰায় সকলোবোৰ ছ’চিয়েল মিডিয়াই বৰ্তমান একগোট হৈ এই উদ্দেশ্যটো সফল কৰিবলৈ কাৰ্য কৰি আছে ৷আৰু নিজৰ মাধ্যমটোৰ পৰা ভুলতথ্য আৰু উৰা বাতৰি আঁতৰোৱাৰ আপ্ৰাণ চেষ্টা কৰি আছে ৷এনেধৰণৰ উৰা। বাতৰি প্ৰচাৰ আৰু ভাগ বতৰা কৰাৰ বাবেই ইতিমধ্যে বহু কেইটা ভূৱা একাউন্ট ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই পেলোৱা হৈছে ৷

ফেচবুক ভুলতথ্য আৰু বাতৰি প্ৰচাৰ বন্ধ কৰাৰ কিছুমান তালিকা প্ৰস্তুত কৰিছে ৷

লোকসভা নিৰ্বাচন ২০১৯ ক ভুল তথ্য আৰু উৰা বাতৰিৰ পৰা দুৰত ৰাখিবলৈ ফেছবুকৰ পদক্ষেপ সমূহ

একবিংশ শতিকাৰ মানুহৰ জীৱনত ফেছবুক এটি অতি গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে ৷মানুহক এনে এখন মঞ্চ আগবঢ়াই দিছে য’ত সকলোৱে নিজৰ মনৰ কথা বিনাদ্বিগ্ধাই আলোচনা কৰিব পাৰে। উদাহৰণ স্বৰূপে ৰাজনীতি ৷আজিকালি ফেচবুকত অসংখ্য ৰাজনৈতিক প’ষ্ট দেখিবলৈ পোৱা যায় ।আনকি মানুহে চৰকাৰৰ বিৰুদ্ধেও অনায়াসে নিজৰ মতামত দাঙি ধৰিছে ৷ এইয়া হৈছে ফেচবুকে আনি দিয়া সাহস আৰু স্বাধীনতা ৷

অধিক খবৰৰ বাবে পঢ়ক: ভুল তথ্য আৰু উৰা বাতৰি কি?

Next Story
চাকৰি