Begin typing your search above and press return to search.

ভুল তথ্য আৰু উৰা বাতৰি কি?

ভুল তথ্য আৰু উৰা বাতৰি কি?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jun 2019 12:50 PM GMT

ভূলতথ্য আৰু উৰা বাতৰিনো কি? বহুতো মানুহে বাৰে বাৰে এই প্ৰশ্নটো সুধি থকা কাৰণেই আজি আমি এই বিষয়ত আলোচনা কৰিবলৈ লৈছে। জনসাধাৰণৰ মতামতৰ ওপৰত মিডিয়াৰ এটা গুৰুত্ব পূৰ্ণ ভূমিকা আছে ৷ মানুহক প্ৰভাৱিত কৰৰ বহুতো উপায় বা অনুষ্ঠান আছে যেনে ৰেডিঅ’,কিতাপ, চলচ্চিত্ৰ,চচিয়েল মিডিয়া ইত্যাদি ৷ সকলোতকৈ উল্লেখযোগ্য কথাটো হৈছে যে এইকেইটাৰ যোগেদি জনসাধাৰণৰ লগত যোগাযোগ কৰাটো আটাইতকৈ সহজ আৰু ঘৰত বহি থকা মানুহখিনিৰ লগত সংযোগ কৰিবলৈ ফেচবুক অন্যতম সহজ আহিলা ৷

উৰা বাতৰি সন্দৰ্ভত মানুহৰ মতামতঃ

উৰা বাতৰি আৰু ভূলতথ্যৰ প্ৰচাৰ যে ফেচবুক হোৱাটচ এপৰ দৰে মাধ্যমসমূহৰ দ্বাৰাই বেছিকৈ হৈছে এই কথাটো আজি কালিহে মানুহৰ দৃষ্টি গোচৰ হৈছে। মানুহে আজি কালি ছ’চিয়েল মিডিয়াত পোৱা আলোকচিত্ৰ সমূহৰ উৎসও পৰীক্ষা কৰিবলৈ লৈছে ৷উৰাবাতৰি সমূহৰ সাধাৰণতে কোনো সঠিক নিৰ্দিষ্টতা নাথাকে ৷ উৰা বাতৰিয়ে ইতিমধ্যে বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ফেচবুকে এনে সমস্যাৰ দ্বিতীয়বাৰৰ কাৰণে সৃষ্টি হোৱাটো নিবিচাৰে ৷সেয়েহে অনতি পলমে এই ভূল তথ্য আৰু উৰা বাতৰিক ফেচবুকৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰি থকা হৈছে ৷ভুল তথ্যই মানুহক বিচলিত আৰু প্ৰভাৱাম্বিত কৰাই হৈছে এনেধৰণৰ তথ্য সৃষ্টিৰ মূল কাৰণ ৷

ছ’চিয়েল মিডিয়া মাধ্যমবোৰে কিয় নিজকে নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখিছে ৷

বিশেষজ্ঞৰ মতে ২০১৫ চনৰ নিৰ্বাচন ছ’চিয়েল মিডিয়া মাধ্যম ফেচবুক,হুৱাটচএপ আদিৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। ভোটাৰ সকলৰ মন পৰিৱৰ্তন কৰাত উৰা বাতৰিয়ে মুখ্য ভূমিকা লৈছিল ৷ ফেচবুকে তেতিয়াই সিদ্ধান্ত লৈছিল যে এতিয়াৰ পৰা এই মাধ্যমত কোনো ধৰণৰ ৰাজনৈতিক প্ৰচাৰ নচলিব ৷ফেচবুক আৰু গুগলে এতিয়া বিশেষ নিৰাপত্তা লৈছে যাতে এই মাধ্যম কেইটা কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত জড়িত নহয় ৷

অধিক খবৰৰ বাবে পঢ়ক : আলোকচিত্ৰ আৰু ভিডিঅ সমূহৰ সত্যতা কেনেকৈ নিৰূপণ কৰিব?

Next Story
চাকৰি