আলোকচিত্ৰ আৰু ভিডিঅ সমূহৰ সত্যতা কেনেকৈ নিৰূপণ কৰিব?

আলোকচিত্ৰ আৰু ভিডিঅ সমূহৰ সত্যতা কেনেকৈ নিৰূপণ কৰিব?

আজিৰ যুগত ছছিয়েল মেডিয়া অতি গুৰুত্বপূৰ্ণ । ইয়াৰ যোগেদি অতি কম সময়ৰ ভিতৰতে আমি নিজৰ বন্ধু বা পৰিয়াল বৰ্গৰ সৈতে যোগাযোগ কৰিব পাৰো। মানুহে ফেচবুকত নিজৰ আলোকচিত্ৰ আৰু ভিডিঅ সমূহ ফেচবুক পষ্ট কৰি সেই মূহুৰ্ত সমূহ স্মৰণীয় কৰিব বিচাৰে । কিন্তু কিছুমান মানুহৰ অসাধু উদ্দেশ্য থাকে , যিয়ে আন কোনো ব্যক্তিৰ জীৱনটো ধ্বংস কৰি দিব পাৰে । স্মাৰ্ট ফোন আৰু ইন্টাৰনেট ইমানেই সহজলভ্য হৈ পৰিছে যে যিকোনোয়ে ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে। কিছুমান তথ্য বা বিষয়বস্তু ইমানেই আকৰ্ষণীয় হয় যে অতি সহজেই ই সমগ্ৰ ইন্টাৰনেটতে বিয়পি পৰে । উদাহৰণস্বৰূপে আমি ২০১৭ চনৰ বদোৰিয়াৰ ঘটনাটো কব পাৰো, য'ত প্ৰায় জাতিগত সংঘৰ্ষৰ সৃষ্টি হৈছিল । এনধৰনৰ ঋনাত্মক আলোকচিত্ৰ সমূহৰ ভাগ-বতৰা নহবলৈ আমি সৰু সৰু কিছুমান পদক্ষেপ হাতত ল'ব লাগিব ।

বৰ্তমান ফেচবুকৰ পৰা আক্ৰোশমূলক বিষয়বস্তু সমূহ ভাগ-বতৰা কৰাৰ চেষ্টা কৰি থকা হৈছে । ফেচবুকে এটা মেচিনৰ আৰ্হি প্ৰস্তুত কৰিছে য'ত ব্যবহাৰকাৰীৰ মতামতৰ এনে আপত্তিজনক বিষয়বস্তু সমূহ সহজেই বন্ধ কৰিব পাৰি । আলোকচিত্ৰ সমূহৰ মালিকীস্বত্ব পৰীক্ষা কৰিবলৈ ফেচবুকে তৃতীয় এটা অনুষ্ঠান মজুত ৰাখিছে । ই সৰু সৰু তথ্য সমূহ , আলোকচিত্ৰ লোৱাৰ সময় আৰু ঠাই পৰীক্ষা কৰে । এই তথ্যবোৰৰ বিশ্লেষণ হোৱাৰ লগতে শিক্ষাগত আৰু চৰকাৰী বিভিন্ন অনুষ্ঠানৰ লগত ইয়াৰ পুনৰীক্ষণ হয়।

Optical character recognition-

ফেচবুক Ocr নামেৰে এটা নতুন প্ৰযুক্তিবিদ্যা হাতত লৈছে। আলোকচিত্ৰ এখন বা ভিডিঅ এটাৰ প্ৰতিটো অংশ উলিয়াই পেলাব আৰু প্ৰতিটো অংশৰে উৎস আৰু সময়ৰ পৰীক্ষা কৰিব । এই প্ৰযুক্তিবিদ্যাটো এনেধৰণে নিৰ্মাণ কৰা হৈছে যে ই আলোকচিত্ৰ এখনৰ সকলো ইতিহাস বা বিৱৰণ আৰু ভিডিঅ এটাৰ কন্ঠস্বৰো মূল্যাংকন কৰিব ।

ফেচবুকে এই প্ৰযুক্তিবিদ্যাক তিনি ধৰনে ভাগ কৰিছে -

*সাজি লোৱা : এইধৰনৰ বিষয়বস্তুবোৰ

মনেসজা আৰ প্ৰতাৰণামূলক

* ভূৱা বাৰ্তা: এই বিষয়বস্তুবোৰৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাথাকে ।

* বুজাত ভূল কৰা : এই বোৰ সঁচা তথ্য । কিন্তু ইয়াক এনেধৰণে প্ৰকাশ কৰা হয় যাতে বুজোতা জনে ভূলকৈ বুজে ।

ফেচবুক আৰু অন্যান্য ছছিয়েল মেডিয়া সমূহে ইতিমধ্যে এনেধৰণৰ অসাধু উদ্দেশ্যক বন্ধ কৰিবলৈ পদক্ষেপ হাতত লৈছে । আমিও এইক্ষেত্ৰত ছছিয়েল মেডিয়াক সহযোগ কৰিব লাগে ।

প্ৰথমতেই যদি আপুনি কিবা ঋনাত্মক বা বেয়া ভিডিঅ আলোকচিত্ৰ প্ৰায় লগালগ তাৰ উৎস পৰীক্ষা কৰিব লাগে আৰু ভাগ বতৰা নকৰি মানুহক সজাগ কৰিব লাগে ।

দ্বিতীয়তে , নিৰ্বাচনৰ সময়ত যিকোনো ৰাজনৈতিক মতামত ভাগ বতৰা কৰোতে সাবধান হব লাগে ।

স্থানীয় ভাষাৰ ভেঁটিটোও মজবুত কৰি লৈছে যাতে স্থানীয় ঠাই এখনৰ পৰাই উৰাবাতৰি সম্প্ৰচাৰ হোৱাত বাধা প্ৰদান কৰিব পাৰে। ।

ভাৰতীয় মেডিয়াৰ সৈতে কাম কৰিবলৈ ফেচবুকৰ এটা বিশেষ বিশেষজ্ঞৰ দল আছে । ফেচবুকৰ পষ্ট সমূহ যাতে হিংসাত্মক আৰু ঋনাত্মক নহয় তাক এওঁলোকে লক্ষ্য কৰি থাকে। চমুকৈ ক'বলৈ গলে , ফেচবুকে লোকসভা নিৰ্বাচনৰ ওপৰত যাতে ভূল তথ্য আৰু উৰাবাতৰিয়ে কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে তাৰবাবে যৎ পৰোনতি চেষ্টা কৰিছে ।

যোৱা কিছু বছৰত নিৰ্বাচন সুৰক্ষিত কৰিবলৈ আৰু ঋনাত্মক প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ ফেচবুকে কিছুমান পৰিবৰ্তন আনিছিল যিবোৰে সফলতাও লাভ কৰিছিল ।

লোকসভা নিৰ্বাচন ২০১৯ সুৰক্ষিত কৰিবলৈ ফেচবুকে হাতত লোৱা কিছুমান পন্থা হল-

১| ফেচবুকত থকা ভূৱা একাউণ্ট সমূহ আঁতৰাই পেলোৱা হ'ল ।

২| নিৰ্বাচনৰ সময়ত উৰাবাতৰিৰ অপপ্ৰচাৰৰ ওপৰত বিশেষ পদক্ষেপ ।

৩| ৰাজনৈতিক বিজ্ঞাপনবোৰৰ স্পষ্টতা।

৪| বেয়া অভিনেতা বোৰ বাচি উলিওৱাৰ ব্যবস্থা কৰি তাহাঁতৰ একাউণ্টবোৰ আতৰাই পেলোৱা ।

ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰায় ৩০,০০০ তকৈও অধিক মানুহক নিয়োগ কৰিছে আৰু এওঁলোকে নিৰ্বাচনী আয়োগ, নিয়ন্ত্ৰণকাৰী, বিধি ,বলৱৎকাৰী সকলৰ লগতো একেলগে কাম কৰি আহিছে ।

ফেচবুকে লোৱা এই পদক্ষেপ সমূহৰ ফলাফল ঋনাত্মক আৰু ভূল তথ্য আৰু উৰাবাতৰিৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ লৈছে আশা কৰা গৈছে আৰু অতি কম দিনৰ ভিতৰতে ফেচবুকে এই ভূল তথ্য আৰু উৰাবাতৰিৰ প্ৰচাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাত সফল হওক ।

গোপনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে । যদি কোনোবাই আপোনাৰ একাউণ্টত কিবা অসাধু বিষয়বস্তুৰ প্ৰচাৰ কৰে লগা লগ তেওঁৰ একাউন্ট ব্লক বা ৰিপোৰ্ট কৰিব ।

যদি আপুনি কিবা বিতৰ্কমুলক পষ্টৰ ভাগ বতৰা কৰিছে তেন্তে তাৰ লগত আপুনি ইয়াৰ উৎসও উল্লেখ কৰিব ।

ফেচবুক আৰু অন্যান্য মাধ্যমবোৰে ইতিমধ্যে তথ্যসমূহ পৰীক্ষা কৰা আৰু মিছা প্ৰমাণ হলে আতৰাই পেলোৱাৰ অভিযানত আছে । আমি মাথো নিজৰ কৰ্তব্য কৰি তেওঁলোকক সহায় কৰিব লাগে । আমি ভাগ বতৰা কৰা তথ্য সমূহৰ কিবা সন্দেহজনক পালেই তেনে তথ্যৰ প্ৰচাৰ বন্ধ কৰিব লাগে আৰু লগত জনসাধাৰণৰ মাজতো সজাগতাৰ সৃষ্টি কৰিব লাগে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com