বিবিধ

মাতৃ আৰু দুই জীয়ৰীৰ গাত এচিডেৰে আক্ৰমণ দুৰ্বৃত্তৰ, অৱস্থা সংকটজনক

Sentinel Digital Desk

মাতৃ আৰু দুই জীয়ৰীৰ গাত এচিডেৰে আক্ৰমণ দুৰ্বৃত্তৰ, অৱস্থা সংকটজনক। প্ৰত্যেক দিনাই ন‌ ন ভয়ংকৰ ঘটনা পোহৰলৈ আহে । মহিলাৰ ওপৰত দুবৃত্তৰ আক্ৰমণ , এচিড নিক্ষেপ আদি বিভিন্ন ধৰণৰ ঘটনা আমি শুনিবলৈ পাও ।

এনেকুৱা এটা এচিড আক্ৰমণৰ ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশত । উত্তৰ প্ৰদেশৰ পৰগাসপুৰৰ এখন সাধৰণ কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে । এখন সাধৰণ কাজিয়াৰ পিছতেই মাতৃ আৰু দুই জীয়ৰীৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে। এই ঘটনাৰ বাবে লেখপাল‌ নামৰ লোক জনক দোষী সাব্যস্ত কৰা হৈছে । আৰক্ষীয়ে অভিযুক্ত লেখপালক কৰায়ত্ত কৰিছে । তাৰোপৰি মাতৃ আৰু দুই জীয়ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । ইতিমধ্যে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বাৰনাসী লৈ প্ৰেৰণ কৰা হৈছে ।

তাৰোপৰি কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ এচিড আক্ৰমণৰ আন এক ঘটনা পোহৰলৈ আহিছিল । এজন যুৱকে বিয়াৰ বাবে অমান্তি হোৱাৰ ফলত যুৱতী গৰাকীয়ে যুৱক জনৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে।

আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি যুৱক আৰু যুৱতী গৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক এবছৰ‌ ধৰি চলি আছিল । যুৱক জনে যুৱতী গৰাকীৰ কথা ঘৰত কৈছিল যদিও ঘৰৰ মানুহে বিয়াৰ বাবে অমান্তি হৈছিল।‌ তাৰ পিছতেই যুৱক জনে যুৱতী গৰাকীৰ লগত কথা বতৰা বন্ধ কৰি দিছিল । তথাপিও কিন্তু যুৱতী গৰাকীয়ে বিয়াৰ বাবে যুৱক জনক জোৰ দি আছিল । যুৱক জনে বিয়াৰ বাবে অমান্তি হোৱাৰ পৰিণতিতেই যুৱতী গৰাকীয়ে এচিডেৰে আক্ৰমণ কৰে ।

বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এচিড আক্ৰমণৰ ঘটনা পোহৰলৈ আহে । কিন্তু চিন্তনীয় বিষয় এয়ে যে ইমান আইন কাণুনৰ পিছতো মাৰাত্মক এচিড ইমান সহজে মানুহে কেনেদৰে লাভ কৰে । ইয়াৰ বাবে প্ৰশাসনে কি ব্যৱস্থা হাতত ল'ব এয়া এক গুৰুত্বপূৰ্ণ বিষয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Broad daylight Robbery in Digboi, Rs 1 5 lakh looted