শুই থাকোতেই এজন ব্যক্তিৰ কাণৰ ভিতৰত ওলাল ১১ তাকৈ পইতাচোৰা

শুই থাকোতেই এজন ব্যক্তিৰ কাণৰ ভিতৰত ওলাল ১১ তাকৈ পইতাচোৰা

শুই থাকোতেই এজন ব্যক্তিৰ কাণৰ ভিতৰত ওলাল ১১ তাকৈ পইতাচোৰা । সদায় আমি বিভিন্ন ধৰণৰ ঘটনাৰ বিষয়ে জানিবলৈ পাও । ঠিক একেদৰে এটা আচৰিত ঘটনা পোহৰলৈ আহিছে যে এজন ব্যক্তিৰ কাণৰ ভিতৰত আছিল ১১ টা পইতাচোৰা।‌‌ এই ঘটনা সংঘটিত হৈছে চীনৰ এখন চহৰত ।

দৰাচলতে চীনৰ লৱ নামৰ ২৪ বছৰীয়া যুৱক জনে কেইবাদিনো ধৰি কাণত বিষ অনুভৱ কৰি আছিল । কাণৰ বিষৰ ফলতেই লৱে চিকিৎসকৰ কাষ চাপে আৰু যেতিয়া চিকিৎসকে লৱৰ কাণৰ বিষৰ কাৰণৰ বিষয়ে জনাই তেতিয়া আচৰিত হৈ পৰে লৱ।

সংবাদ মাধ্যমৰ পৰা জানিব পৰা মতে কিছুদিন আগেয়ে লৱৰ কাণত অসহ্যকৰ বিষ অনুভৱ কৰিছিল । তেওঁ ভাৱিছিল যে তেওঁৰ কাণৰ ভিতৰত কিবা সোমাইছে । সেইবাবে লগে লগে লৱ চিকিৎসকৰ ওচৰলৈ যায় ।

চিকিৎসকে জানিব দিয়ে যে লৱৰ কাণৰ ভিতৰত ১১ টা পইতাচোৰা আছে । তাৰেই এঘাৰটা পইতাচোৰা সৰু আৰু এটা ডাঙৰ আছিল । লৱৰ কাণত ইতিমধ্যে যথেষ্ট খিনি ক্ষতি হৈছে ।কিন্তু এতিয়ালৈকে চিকিৎসকে ধৰিব পৰা নাই যে লৱৰ কাণত ইমানটাকৈ পইতাচোৰা কেনেদৰে আছিল ।জানিব পৰা মতে লৱৰ নিজৰ শোৱা ঠাইৰ ওচৰত আধা খোৱা খাদ্য থোৱাৰ অভ্যাস আছে । তেনেকৈয়ে লৱৰ কাণত পইতাচোৰা সোমোৱা বুলি অনুমান কৰা গৈছে ।

ঠিক একেই ধৰনৰ ঘটনা সংঘটিত হয় আমেৰিকাৰ‌ ফ্লোৰিডা চহৰত । এগৰাকী যুৱতীৰ শুই থকা অৱস্থাত কাণৰ ভিতৰত পইতাচোৰা সোমাই আৰু ৯ দিন পিছতেহে বাহিৰ কৰা হয়। মহিলা গৰাকীৰ কাণত পইতাচোৰা সোমোৱাৰ‌‌ দিনাই চিকিৎসকৰ পৰামৰ্শ লৈ বাহিৰ কৰা হৈছিল যদিও চিকিৎসকৰ অসচেতনতাৰ ফলত প্ৰায় ৯ দিন পিছতহে পইতাচোৰাৰ সম্পূৰ্ণ টুকুৰা বাহিৰ কৰা হয় । জানিব পৰা মতে যুৱতী গৰাকীৰ ইয়াৰ ফলত কোনো ধৰনৰ ক্ষতি সাধন হোৱা নাই ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Majuli all set to witness Raas Mahotsav 2019 from day after tomorrow

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com