বিবিধ

ধাবাত কাম কৰি সোণৰ পদক লাভ কৰা কবিতা ঠাকুৰৰ জীৱন কাহিনী

Sentinel Digital Desk

কোনো লোকে কেতিয়াও নভবা হিমাচল প্ৰদেশৰ এখন সৰু গাঁও জগতসুখৰ এজনী সাধাৰন ছোৱালী সংবাদ মাধ্যমৰ সকলো অংশতে বৰ্তমান সাঙোৰ খাই পৰিছে । ছোৱালী জনীয়ে কেৱল জীৱনটো জীয়াই থাকিবলৈ সংঘৰ্ষ কৰি আছিল । দুটা বেলাৰ ৰুটি খাবলৈ সৰু কালতে ধাবাত বাচন ধুব লগা হৈছিল এইগৰাকী সাধাৰন বৰ্তমান সময়ৰ অসাধৰন ছোৱালী জনীয়ে । তাইৰ লগত কোনো সপোন নাছিল অৰ্থাৎ কোনো ধৰনৰ সপোন তাই মনত পুহি ৰখা নাছিল কাৰন দৰিদ্ৰতাৰ বাধাত সপোন দেখিলে সদায় নিৰাশাই লাভ কৰিব ।

হয়,২০১৪ চনত হোৱা এছিয়ান গেমছত ভাৰতবৰ্ষলৈ সোনৰ পদক কঢ়িওৱা কবিতা ঠাকুৰৰ জীৱন কাহিনী কোনো চলচিত্ৰতকৈ কম নহয় । সুন্দৰ প্ৰকৃতি ৰাজ্য মানালীৰ পৰা ৬কিল'মিটাৰ নিলগৰ জগতমুখ নামৰ এখন সৰু গাঁৱৰ বাসিন্দা কবিতা ঠাকুৰ ভাৰতৰ মহিলা কাবাডী খেলৰ এক নক্ষত্ৰ বুলিব পাৰি । সৰুৰে পৰা দৰিদ্ৰতাই হেঁচি ধৰা লগতে সৰু গাঁৱ খনৰ পৰা ওলাই আহি ভাৰতৰ নামত প্ৰতিনিধিত্ব কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা কবিতা ঠাকুৰে জীৱনৰ প্ৰতিটো সময় প্ৰতিটো ক্ষণত সন্মুখীন হৈছে বিভিন্ন দুখ কষ্টৰ ।

কবিতাৰ পিতৃ-মাতৃয়ে ঘৰ খন চলাই জীৱন নিৰ্বাহ কৰিবৰ বাবে এখন সৰু ধাবাত কাম কৰে । কবিতাই সৰু কালৰ পৰাই পিতৃ-মাতৃৰ সৈতে কাম কৰে । কবিতা আৰু তাইৰ ভনীয়েকে সৰুৰে পৰাই ধাবাত বাচন ধোৱা,ঝাডু দিয়া চাফা কৰা আদি কাম বোৰ কৰে । নিজ জীৱনটোৰ দুখত কটোৱা সময়ৰ কথা মনত কৰি কবিতাই মত প্ৰকাশ কৰি কয় যে,তাইৰ জীৱনটোৱে সৰু কালতে বহু পৰীক্ষা ল'লে ।ঠাণ্ডাৰ দিনতো ধাবাৰ পিছফালে মজিয়াত শুব লগা হৈছিল । শুবলৈ ব্যৱহাৰ কৰা তুলি কিনিবলৈও পইচা নাছিল কবিতাহঁতৰ যাৰ বাবে বৰফৰ দৰে ঠাণ্ডা মজিয়াত শুব লগা হৈছিল আৰু কোনো কোনো সময়ত এনেকুৱা দিনৰ সন্মুখীন হৈছিল যে খাবলৈও পইচা গুটাবলৈ বিফল হৈছিল ।

দুয়োগৰাকী ভনীয়েকৰ খেলা-ধুলাৰ প্ৰতি ৰুচি আছিল যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে এই দিশত আগবাঢ়ি যাবলৈ বাধাৰ সন্মুখীন হৈছিল । পিছলৈ কবিতাই ভাৰতৰ ৰাষ্ট্ৰীয় খেল কাবাডী খেলিবলৈ আৰম্ভ কৰে । ২০০৭ চনৰ কথা, বিদ্যালয়ত অনুষ্ঠিত হোৱা খেলত কবিতাৰ প্ৰদৰ্শন দেখি তাইৰ ভিতৰত সুপ্ত হৈ থকা প্ৰতিভাবান খেলুৱৈৰ অন্য এটা ৰূপ দেখিবলৈ পোৱা যায় । ইয়াৰ পিছত কেতিয়াবা এনেকুৱা সময় আহিল যে খেল আৰু ঘৰৰ কামৰ মাজত যিকোনো এটাকে নিৰ্বাচন কৰিবলগা হৈছিল ।কিন্তু কবিতাই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে ঠিৰাং কৰি লৈছিল ।

কবিতাৰ মন্তব্যৰ পৰা জানিব পোৱা মতে, ধাবাৰ কামত পিতৃ-মাতৃক সহায় কৰিবৰ বাবে কবিতাৰ ভনীয়েক কল্পনাই কাবাডী খেলৰ পৰা আতৰিবলগা হয় । আৰু ২০০৯ চনত কবিতাৰ কষ্ট সাৰ্থক হ'ল, ধৰমশালাতস্থিত স্পৰ্টচ অথৰিটী অৱ ইণ্ডিয়াত কবিতা নিৰ্বাচন হ'বলৈ সক্ষম হয় আৰু পিছত ভাৰতীয় নেশ্যনেল দলৰ লগত জড়িত হৈ পৰে । বৰ্তমানলৈ কবিতাৰ ভাগ্যই কবিতাক এতিয়ালৈ এৰা নাই । ২০১১ চনত কবিতা এক বিশেষ বেমাৰত পিড়ীত হয় যাৰ বাবে ৬মাহ ধৰি কাবাডীৰ পৰা বিৰত থাকিব লগা হয় । কোনোৱে ভবা নাছিল যে কবিতাই পুনৰ কাবাডী খেলিব পাৰিব কিন্তু কবিতাৰ দৃঢ় শক্তি আগ্ৰহে পুনৰ বাৰ কাবাডীৰ খেলপথাৰত নামিবলৈ কবিতাই শক্তি লাভ কৰে ।

২০১২চনত কবিতাই নিজ ইচ্ছা শক্তিৰ বলত পুনৰ কাবাডী খেলে আৰু এছিয়ান গেমছত ভাৰতক সোণৰ পদক দিবলৈ সক্ষম হয় । আৰু এই বৰ্ষত হ'বলগীয়া এছিয়ান খেলত কবিতাই নিজৰ দলৰ হৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব ।

কবিতাৰ কাহিনীয়ে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ বিজয়ৰ মুকুট পিন্ধিব পৰা সকলোৰে বাবে প্ৰেৰনাদায়ক । কবিতাৰ কাহিনীভাগ সকলোৰে বাবে প্ৰেৰনা ।