Begin typing your search above and press return to search.

পিতৃ-মাতৃৰ পৰা মনে মনে প্ৰশিক্ষন লৈ সুনাম কঢ়িওৱা এগৰাকী যুৱতী;তাৱাবী দেৱী

পিতৃ-মাতৃৰ পৰা মনে মনে প্ৰশিক্ষন লৈ সুনাম কঢ়িওৱা এগৰাকী যুৱতী;তাৱাবী দেৱী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2018 8:06 AM GMT

ইউথ অলিম্পিক তাৱাবী দেৱীয়ে জুদু খেলত পদক অৰ্জন কৰে আৰু ই ভাৰতৰ বাবে গৌৰৱৰ বিষয় । বৰ্তমান সময়লৈ ভাৰতে চিনিয়ৰ আৰু জুনিয়ৰ অলিম্পিকত কেতিয়াও একো পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । ১৬ বছৰীয়া তৱাবী দেৱীয়ে মহিলা ৪৪ কিল'গ্ৰাম বৰ্গত পদক লাভ কৰি ইতিহাস ৰচনা কৰে । এই পদক লাভ কৰা তাৱাবীৰ বাবে বৰ সহজ নাছিল । এই জয়ৰ যাত্ৰাত তাৱাবীক সহায় কৰিবলৈ উৎসাহ দিবলৈ পৰিয়ালৰ কোনো লোক আগবাঢ়ি অহা নাছিল কিন্তু নিজ দেশৰ বাবে পদক পোৱাৰ তাৱাবীৰ আশাই তাৱাবীক সমগ্ৰ দেশত চুপাৰষ্টাৰ হিচাপে প্ৰতিষ্ঠিত কৰিলে ।

উত্তৰ-পূৰ্বাঞ্চলৰ মনিপুৰৰ এখন সৰু গাঁৱত বাস কৰা তাৱাবীৰ সন্মুখত মাত্ৰ এটাই সপোন আছিল আৰু সেইটো আছিল জুদু খেলৰ জৰিয়তে দেশক প্ৰতিনিধিত্ব কৰা । কিন্তু তাৱাবীৰ পিতৃ-মাতৃয়েও কেতিয়াও বিচৰা নাছিল যে তাৱাবী এগৰাকী জুদু খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হওঁক ।তেওঁলোকে এই খেল বিধ কেৱল ল'ৰাৰ বাবেহে বুলি বিশ্বাস কৰিছিল আৰু তাৰ পৰিবৰ্তে তাৱাবীয়ে নিজৰ পঢ়া-শুনাত মনযোগ দিয়া উচিত ।

তাৱাবী সৰুৰ পৰাই কোনো কাৰনতে হাৰিব অৰ্থাৎ পৰাজয় বৰন কৰিব নিবিচাৰে । সৰু থাকোতে তাৱাবীয়ে সদায় ল'ৰাৰ লগতে যুঁজ দিছিল কিন্তু কমযোৰ হোৱা বাবে প্ৰতিবাৰে হাৰিবলগা হৈছিল । সেয়ে তাৱাবীয়ে এই বাধা দূৰ কৰিবলৈ ঠিৰাং কৰিলে । সেয়ে পৰবৰ্তী সময়ত তাৱবীয়ে জুদু খেলৰ বাবে প্ৰশিক্ষন আৰম্ভ কৰিলে আৰু প্ৰশিক্ষনৰ সময়তে তাৱাবী আত্ম ৰক্ষাত প্ৰতিভাৱান হৈ পৰিল । তাৰ পিছত কোনোৱে তাৱাবীৰ সৈতে জিকিন নোৱাৰা হ'ল আৰু এনেদৰে তাইৰ মনত আত্মবিশ্বাসৰ ভাৱ উদয় হ'ল ।

কিন্তু তাইৰ মন আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা । তাইৰ এই সপোন পূৰন কৰিবলৈ সহায় লাভ কৰিলে প্ৰশিক্ষক হিৰেম কাৰ। প্ৰশিক্ষক জনে কেৱল এটা দিশ দেখুওৱাই দিয়াই নহয় পিতৃ-মাতৃৰ আগতো তাৱাবীৰ প্ৰতিভাৰ পৰিচয় দিয়ালে । তাৰ পিছতে পিতৃ-মাতৃয়ে বুজিব পাৰিলে যে জুদু কেৱল ল'ৰাৰ বাবে নহয় ছোৱালীৰ বাবে এক অন্যতম খেল । ইয়াৰ পিছতে মাক-দেউতাকৰ উৎসাহ উদ্দীপনা লগত লৈ তাৱাবীয়ে এটাৰ পিছত এটাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিবলৈ সক্ষম হয় ।

অলপতে অনুষ্ঠিত হৈ যোৱা ইউথ অলিম্পিকৰ ছেমি ফাইনেলত ক্ৰৰেচিয়াৰ এনা বিক্টোৰিজাক ১০-১০ত হৰুৱাই ৰজত পদক পাবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে তাৱাবীয়ে প্ৰি-কোৱাটাৰ ফাইনেলত ভূটানৰ য়াংচেন বাগমৌক ১০-১০ত হৰুৱাই শেষত আঠ প্ৰতিযোগীৰ মাজত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয় । কোৱাটাৰ ফাইনেলত তাৱাবীয়ে কৌচবৌৰ ইৰাজাক হৰুৱাই ।

তাৱাবীৰ এই সফলতাই প্ৰমান কৰি দেখুওৱালে যে পৰিস্থিতি লাগিলে আপোনাৰ বিৰুদ্ধে থাকক,যদি আপোনাৰ লক্ষ্য সঠিক হয় আৰু সেই লক্ষ্যত উপনীত হ'বলৈ আগ্ৰহ আৰু কষ্ট সাধন কৰে তেন্তে সফলতা অৰ্জন কৰিব পাৰিবই ।

Next Story
চাকৰি