ব্ৰেকিং নিউজ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি অপৰিবৰ্তিত: কোকৰাঝাৰ চহৰ জলমগ্ন

Sentinel Digital Desk

বৰ্তমানেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰিবৰ্তিত বান পৰিস্থিতি। কিছুমান স্থানত পানী হ্ৰাস হৈছে যদিও আৰম্ভ হৈছে নানা ৰোগ-ব্যাধি । বিগত দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত কোকৰাঝাৰ সদৰ চহৰ জলমগ্ন হৈ পৰিছে । সদৰ চহৰৰ জেডি ৰোড , আৰএনবি ৰোড , শান্তিনগৰ , টেঙাপাৰা , সৌদেনপুৰী আদিকে ধৰি সমগ্ৰ কোকৰাঝাৰ চহৰ বানৰ কবলত । বৰ্তমান কোকৰাঝাৰত জনজীৱন স্তব্ধ হৈ পৰিছে । ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান , দোকান -পোহাৰ সকলোতে পানী সোমোৱাত ফলত কোকৰাঝাৰ সদৰ চহৰ বন্ধ হৈ পৰিছে । সমান্তৰালকৈ চৰকাৰী কাৰ্যালয় সমুহতো কৰ্মচাৰীও উপস্থিত হব পৰা নাই বানপানীৰ ফলত । কিছুমান কাৰ্যালয়ত পানী সোমোৱাৰ ফলত বন্ধ হৈ পৰিছে ।

বিগত ২৪ ঘন্টাত বানত মৃত্যু হোৱা দুজন লোকৰ লগতে সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি ভূমিস্খলনত মৃত্যু হৈছে দুজন ৷ সোমবাৰে ধেমাজী আৰু ধুবুৰীত এজনকৈ ব্যক্তি মৃত্যু হৈছে ৷ ইয়াৰ মাজতে সম্প্ৰতি ৰাজ্যৰ অধিকাংশ অঞ্চলত পানীৰ নাটনি দেখা দিছে ৷যাৰ কাৰণে বানাক্ৰান্তসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ দেখা গৈছে ৷

ৰাজ্যৰ বিধ্বংসী বানত লোকসকলৰ ধন জন সকলো ক্ষতিগ্ৰস্ত হৈছে৷ ইফালে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,ব্ৰহ্মপুত্ৰৰ লগত জিয়া ভৰালী ৷ আনহাতে সোমবাৰলৈকে বিশেষকৈ ১৮ খন জিলাৰ ৫৯ ৰাজহ চক্ৰৰ ২২৮৩ খন গাঁৱৰ ৩০,৫৫,৮৩৭ জন ব্যক্তি বানত প্ৰভাৱিত হৈছে ৷ বানত প্ৰভাৱিত জিলা কেইখন হৈছে ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা,নলবাৰী, চিৰাংগ,বঙাইগাঁৱ, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ (মেট্ট),মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰ ৷

সম্প্ৰতি ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা, চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, গোৱালপাৰা, কামৰূপ,মৰিগাঁও,নগাঁও, গোলাঘাট আৰু যোৰহাট জিলাত ৬৪৪ টা শিবিৰত ৯৬,৪৪৯০ জন বানাক্ৰান্তই আশ্ৰয় লৈ আছে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক সংবাদ বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰায় ১,১৪,১৭৯ হেক্টৰ কৃষি ভূমি বানত প্ৰভাৱিত হৈছে ৷ আৰু জিলা প্ৰশাসনে স্থাপন কৰা ৭৫৭ টা শিবিৰত ৯৭০০০ লোক আশ্ৰয় লৈ আছে ।ইয়াৰ মাজতে আইএএনএছে বন বিভাগৰ কৰ্তৃপক্ষৰ অনুসৰি ১৮৭ টা জন্তুৰ ভিতৰত ১৫ টা গড়,এটা হাতী আৰু ১০০ টাতকৈও অধিক হৰিণৰ লগতে ১৮৭ টা জন্তু মৃত্যু হয় বানত ৷

অৰুনাচল প্ৰদেশ , লক্ষিমপুৰ আৰু ধেমাজি জিলাত ধাৰাষাৰ বৰষুণৰ হোৱাৰ ফলত নদী সমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে । তাৰ ফলত ৰঙানদী জল বিদুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জলপৃষ্ঠ বৃদ্ধি হৈছে ৰঙানদীৰ ।