Begin typing your search above and press return to search.

অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি

অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 8:39 AM GMT

বিগত ২৪ ঘন্টাত বানত মৃত্যু হোৱা দুজন লোকৰ লগতে সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি ভূমিস্খলনত মৃত্যু হৈছে দুজন ৷ সোমবাৰে ধেমাজী আৰু ধুবুৰীত এজনকৈ ব্যক্তি মৃত্যু হৈছে ৷ ইয়াৰ মাজতে সম্প্ৰতি ৰাজ্যৰ অধিকাংশ অঞ্চলত পানীৰ নাটনি দেখা দিছে ৷যাৰ কাৰণে বানাক্ৰান্তসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ দেখা গৈছে ৷

ৰাজ্যৰ বিধ্বংসী বানত লোকসকলৰ ধন জন সকলো ক্ষতিগ্ৰস্ত হৈছে৷ ইফালে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,ব্ৰহ্মপুত্ৰৰ লগত জিয়া ভৰালী ৷ আনহাতে সোমবাৰলৈকে বিশেষকৈ ১৮ খন জিলাৰ ৫৯ ৰাজহ চক্ৰৰ ২২৮৩ খন গাঁৱৰ ৩০,৫৫,৮৩৭ জন ব্যক্তি বানত প্ৰভাৱিত হৈছে ৷ বানত প্ৰভাৱিত জিলা কেইখন হৈছে ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা,নলবাৰী, চিৰাংগ,বঙাইগাঁৱ, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ (মেট্ট),মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰ ৷

সম্প্ৰতি ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা, চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, গোৱালপাৰা, কামৰূপ,মৰিগাঁও,নগাঁও, গোলাঘাট আৰু যোৰহাট জিলাত ৬৪৪ টা শিবিৰত ৯৬,৪৪৯০ জন বানাক্ৰান্তই আশ্ৰয় লৈ আছে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক সংবাদ বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰায় ১,১৪,১৭৯ হেক্টৰ কৃষি ভূমি বানত প্ৰভাৱিত হৈছে ৷ আৰু জিলা প্ৰশাসনে স্থাপন কৰা ৭৫৭ টা শিবিৰত ৯৭০০০ লোক আশ্ৰয় লৈ আছে ।ইয়াৰ মাজতে আইএএনএছে বন বিভাগৰ কৰ্তৃপক্ষৰ অনুসৰি ১৮৭ টা জন্তুৰ ভিতৰত ১৫ টা গড়,এটা হাতী আৰু ১০০ টাতকৈও অধিক হৰিণৰ লগতে ১৮৭ টা জন্তু মৃত্যু হয় বানত ৷

বানৰ প্ৰভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ প্ৰায় ৯০ শতাংশ জলমগ্ন কৰিছে ৷যাৰ কাৰণে জীৱ জন্তুসমূহ ওখ ঠাইত আশ্ৰয় লৈছে। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই মন্তব্য কৰিছে যে সম্প্ৰতি অভয়াৰণ্য খনত বানৰ প্ৰকোপ হ্ৰাস পাইছে ৷ এজন কৰ্তৃপক্ষই মত অনুসৰি বানৰ পৰিমাণ সম্প্ৰতি হ্ৰাস পাইছে ৷

সোমবাৰে পুৱা জলস্তৰ ১৬২ চেন্টিমিটাৰলৈকে হ্ৰাস পাইছে ৷ আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহন সমূহৰ তীব্ৰ গতিৰ কাৰণে ১৬ টা হৰিণৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াৰে ১৫ টা গড় আৰু এটা হাতীৰ পানীত ডুবি যোৱাৰ কাৰণে মৃত্যু হয় ।ইফালে বন কৰ্মী আৰু স্থানীয় লোকৰ তত্ত্বাৱধানত ৫৩ টা হৰিণক উদ্ধাৰ কৰা হয়। আৰু সম্প্ৰতি উদ্ধাৰ কৰা জীৱ জন্তুসমূহ পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত বিচৰণৰ কাৰণে মুকলি কৰি দিয়া হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক: ধুবুৰী গুৰুদ্বাৰে বানত প্ৰভাৱিত লোকসকলৰ ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ

Next Story
চাকৰি