ধুবুৰী গুৰুদ্বাৰে বানত প্ৰভাৱিত লোকসকলৰ ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ

ধুবুৰী গুৰুদ্বাৰে বানত প্ৰভাৱিত লোকসকলৰ ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ

ধুবুৰী গুৰুদ্বাৰে বানত প্ৰভাৱিত লোকসকলৰ ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ ৷ চলিত বৰ্ষৰ বানত আক্ৰান্ত হোৱা সকলৰ ক্ষেত্ৰত মানৱীয়তাৰ নিদৰ্শন দি থৈ গ’ল ধুবুৰী জিলাৰ শিখসকলে ৷ ধুবুৰীৰ গুৰুদ্বাৰৰ দুৱাৰ সম্প্ৰতি সকলো বানাক্ৰান্তৰ কাৰণে মুকলি কৰি দিছে ৷ ইফালে ১৯৮৮ চনত হোৱা বানত ধুবুৰী জিলাখন বিধ্বস্ত হৈ পৰিছিল ৷ সম্প্ৰতি ধুবুৰীত বান পীড়িতসকলক গুৰুদ্বাৰাৰ কৰ্তৃপক্ষসকলে খাদ্যৰ যোগান ধৰাৰ লগতে বানাক্ৰান্তসকলক আশ্ৰয় দিয়ে ৷

এক বিশেষ তথ্যৰ মত অনুসৰি বানাক্ৰান্তৰ লোকসকলৰ লগতে প্ৰায় এক হাজাৰ বান পীড়িতক গুৰুদ্বাৰাত আশ্ৰয় দিছে। ধুবুৰীৰ গুৰুদ্বাৰাৰ মহাপ্ৰবন্ধক গুৰবিন্দৰ সিঙে কয় যে আমি গুৰুদ্বাৰাত আশ্ৰয় লোৱা প্ৰত্যেকজন লোকক খাদ্য আৰু আশ্ৰয় প্ৰদান কৰিছো ৷এই গুৰুদ্বাৰ সকলো লোকৰ কাৰণে মুকলি আছে ৷যিয়ে বিভিন্ন বিদ্যালয় আৰু ওখ ঠাইত আশ্ৰয় লৈ আছে।

ইয়াৰ পূৰ্বতে বলীউডৰ অভিনেতা অক্ষয় কুমাৰ অসমৰ বানাক্ৰান্তলৈ দুই কোটি টকা আগবঢ়াই মানবীয়তাৰ প্ৰদৰ্শন কৰিছিল ৷লগতে অক্ষয় কুমাৰে টুইটাৰৰ যোগেৰে সকলো লোককে বানাক্ৰান্ত লোকসকলক সহায় কৰিবলৈ আহ্বান কৰে ৷ টুইটাৰ যোগেৰে অক্ষয় কুমাৰে লিখে যে অসমৰ বান পৰিস্থিতি সচাঁকৈয়ে অত্যন্ত দুৰ্ভাগ্যজনক ৷ মই মুখ্যমন্ত্ৰীক পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কাৰণে ১ কোটি টকা প্ৰদান কৰিছোঁ ৷ লগতে সকলোকে সহায় সহযোগ কৰিবলৈ আহ্বান কৰে বলীউডৰ অভিনেতাজনে ৷

বলীউডৰ লগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাসে মুখ্যমন্ত্ৰী পুঁজিলৈ বানাক্ৰান্তৰ কাৰণে পাঁচ লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে ৷চলিত বৰ্ষত বানত লাখ লাখ লোক বানত আক্ৰান্ত হয়। এই বানাক্ৰান্তসকলক সকলো ফালৰ সহায়ৰ কাৰণে ৰাষ্ট্ৰীয় তথা স্থানীয় বহু ব্যক্তি, শিল্পী আগবাঢ়ি আহিছে। নলবাৰীৰ বাসিন্দা সীমা বিশ্বাস অসমীয়া ছবি তথা নাটকৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী ৷শেখৰ কাপুৰৰ ছবি ফুলন দেৱী আৰু বেণ্ডিট কুইনৰ কাৰণে সীমা বিশ্বাসে শ্ৰেষ্ঠ অভানেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল।

উল্লেখ্য যে সীমা বিশ্বাসৰ উপৰিও অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য্য আগবঢ়োৱাসকলৰ ভিতৰত আছে স্বৰ্ণ কন্যা হীমা দাস, ছবি পৰিচালিকা ৰীমা দাস,ৰিয়ান পৰাগ,যতীন বৰা,আদি ৷

অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে । যতিন বৰায়ে ১ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে। লগতে জনপ্ৰিয় অভিনেতা জনে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ সমগ্ৰ দেশবাসীকে আহ্বান জনাই ।

ছছিয়েল মেডিয়াত জনপ্ৰিয় অভিনেতা জনে প্ৰকাশ কৰে যে, এইটো অতি দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা যে প্ৰত্যেক বছৰে অসমবাসী বানৰ কৱলত পৰে। মই বানাক্ৰান্ত সকলক সম্ভাৱনীয় সকলো সাহাৰ্য্য প্ৰদান কৰিম । মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছো । অনুগ্ৰহ কৰি সকলো ওলাই আহি বানাক্ৰান্তক সহায় কৰক ।”

আনহাতে ক্ৰিকেটাৰ ৰিয়ান পৰাগে সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে । ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰিয়ান পৰাগক ধন্যবাদ জ্ঞাপন কৰি টুইটাৰযোগে প্ৰকাশ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com