Begin typing your search above and press return to search.

স্বৰ্নকন্যা হিমা দাসলৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী , ক্ৰিকেটৰ ভগৱান, বলীউডৰ বিগ বিৰ অভিনন্দন

স্বৰ্নকন্যা হিমা দাসলৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী , ক্ৰিকেটৰ ভগৱান, বলীউডৰ বিগ বিৰ অভিনন্দন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2019 11:48 AM GMT

স্বৰ্নকন্যা হিমা দাসে ১৯ দিনত ৫ টা সোণৰ পদক লাভ লাভ কৰিবলৈ সক্ষম হৈছে । হিমাৰ এই সাফল্যৰ পাছত সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে হিমা দাসক। দেশৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী, ক্ৰীয়াবিদ, বলীউডৰ অভিনেতায়ে হিমা দাসক অভিনন্দন জ্ঞাপন কৰিছে ।

১৯ দিনত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে ভাৰতীয় ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে।হিমা দাসেও শচীনক ধন্যবাদ জনাই । শচীন তেণ্ডুলকাৰে প্ৰকাশ কৰে যে, " হিমা দাস যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা । " লগতে প্ৰকাশ কৰে যে," ১৯ দিনত ইউৰোপীয়ান ট্ৰেকক তুমি যিদৰে দৌৰিছা সেয়া প্ৰসংশনীয়। হিমা দাস যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ । আৰু ৫ টা পদকৰ বাবে অভিনন্দন । লগতে ভৱিষ্যতৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে শচীন তেণ্ডুলকাৰে ।

https://twitter.com/sachin_rt/status/1152914052005298176

চেক গণৰাজ্যত আন ৫ টা স্বৰ্ণপদক জয় কৰিলে অসম কন্যা হিমাই। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণপদক লাভ কৰিলে হিমাই। ইয়াৰ পূৰ্বে মাত্ৰ ১৫ দিনত হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।

তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়া ভাষাতে অভিনন্দন জ্ঞাপন কৰে হিমাক। টুইটাৰযোগে হিমা দাসে নিজৰ এই সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। পিছত হিমা দাসেও ৰাষ্ট্ৰপতিয়ে জনোৱা এই অভিনন্দন বাবে অসমীয়া ভাষাতে ধন্যবাদ সূচক মন্তব্য আগবঢ়ায়।

https://twitter.com/rashtrapatibhvn/status/1152955894906228736

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে হিমা দাসক।

https://twitter.com/narendramodi/status/1152942583125041157

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে হিমা দাসলৈ অভিনন্দন জ্ঞাপন কৰে। সমগ্ৰ দেশে গৌৰব অনুভব কৰিছে বুলি প্ৰকাশ কৰে।

https://twitter.com/sarbanandsonwal/status/1152895107634352128

আনহাতে বহুতো ৰাজনৈতিক নেতায়ে অভিনন্দন জ্ঞাপন কৰে হিমা দাসক । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিনন্দন জ্ঞাপন কৰে হিমা দাসক ।

মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে অভিনন্দন জ্ঞাপন কৰে হিমা দাসক।

মেগাষ্টাৰ অমিতাভ বচ্ছনেও হিমা দাসক অভিনন্দন জ্ঞাপন কৰে।

https://twitter.com/SrBachchan/status/1153018152919293952

বলীউড তাৰকা অনুস্কা শৰ্মায়ে অভিনন্দন জ্ঞাপন কৰে হিমা দাসক । অনুস্কা শৰ্মায়ে প্ৰকাশ কৰে যে, "১৯ দিনত ৫ টা স্বৰ্ণ পদক । অভিনন্দন হিমা দাস।

অজয় দেৱগণেও হিমা দাসক অভিনন্দন জ্ঞাপন কৰে|

অন্য খবৰৰ বাবে পঢ়ক: ১৫ দিনত হিমা দাসৰ চতুৰ্থটো স্বৰ্ণ জয়

Next Story
চাকৰি