Begin typing your search above and press return to search.

১৫ দিনত হিমা দাসৰ চতুৰ্থটো স্বৰ্ণ জয়

১৫ দিনত হিমা দাসৰ চতুৰ্থটো স্বৰ্ণ জয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 10:42 AM GMT

১৫ দিনত অসম সন্তান হিমা দাসে চতুৰ্থটো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে । দূৰন্ত গতিৰে ট্ৰেকত স্বৰ্ণযাত্ৰা অব্যাহত ৰাখিছে স্বৰ্ণকন্যা হিমা দাসে। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰা প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিলে অসম কন্যা হিমা দাসে। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে অসম কন্যাগৰাকীয়ে। দূৰন্ত গতিৰে ট্ৰেকত দপদপাই থকা হিমাই ২০০ মিটাৰ ইভেণ্টত পূৰ্বতকৈ উন্নত প্ৰৰ্দশন কৰিবলৈ সক্ষম হৈছে। ২ জুলাইৰ পৰা ইউৰোপত প্ৰতিদ্বন্দিতা কৰিছে হিমাই। আনহাতে পুৰুষৰ ৪০০ মিটাৰ দৌৰত মহম্মদ আনচে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে ।

অসম কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে পূৰ্বতে চেক গণৰাজ্যৰ ক্লাদনো মেম’ৰিয়েল এথলিটিক্ছ মীটত আন্তৰাষ্ট্ৰীয়ভাৱে ২০০ মিটাৰ মহিলাৰ দৌৰত তৃতীয়টো সোনৰ পদক অৰ্জণ কৰিছিল। দৌৰবিদ হিমা দাসে ২৩.৪৩ চেকেণ্ডত সোণৰ পদক অৰ্জন কৰে ৷উল্লেখ্য বিষয় এয়ে যে হিমা দাসৰ কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ প্ৰদৰ্শন কৰা ৷ পোলেণ্ডত কুটনো এথলেটিক্স মীটত মহিলাৰ ২০০ মিটাৰ দৌৰত আন্তৰাষ্ট্ৰীয় ভাৱে দ্বিতীয়টো সোণৰ পদক অৰ্জণ কৰিছিল। অন্যহাতে কেৰালাৰ ভি কে বিস্মায়াই ২৪.০৬ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰিছিল।

ৰাষ্ট্ৰীয় পদক প্ৰাপ্ত মহম্মদ আনছে পুৰুষৰ ২০০ মিটাৰ দৌৰত ২১.১৮ ছেকেণ্ডত সোণৰ পদক লাভ কৰিছিল ৷ একেৰাহে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা হিমা দাসে ৪ জুলাইত প’লেণ্ডত পজনান এথলেটিকছ গ্ৰাণ্ড প্ৰিক্সত বৰ্ষৰ প্ৰথমটো ২০০ মিটাৰ দৌৰত হিমাই সময় লৈছিল ২৩.৬৫ ছেকেণ্ড ৷ইফালে বিস্ময়াই ২৩.৭৫ ছেকেণ্ডত ব্যক্তিগতভাৱে তৃতীয় স্থানত থাকে। ইয়াৰোপৰি বিপিন কাছানা,অভিষেক সিং,দেৱিন্দৰ সিঙে ক্লাদনোত ৮২.৫১ মিটাৰ,৭৭.৩২মিটাৰ আৰু ৭৬.৫৮ মিটাৰত ক্ৰমে শীৰ্ষ স্থান দখল কৰে। মহিলাৰ ৪০০ মিটাৰ দৌৰত ভি কে বিস্ময়াই ৫২.৩৭ ছেকেণ্ডত জয় লাভ কৰাৰ বিপৰীতে সৰিতাবেনে ৫৩.৩৭ ছেকেণ্ডত তৃতীয় স্থান দখল কৰে ৷

পোলেণ্ডত অনুষ্ঠিত ২০০ মিটাৰ পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰিস্কত সোনৰ পদক লাভ কৰে হিমা দাসে। ভাৰতৰ আন এজন খেলুৱৈ তাজিন্দ্ৰ পল সিঙ তৰে ব্ৰঞ্জৰ পদক লাভ কৰে।অসম কন্যা হিমা দাস বিশ্ব জুনিয়ৰ চেম্পিয়ন আৰু ৪০০ মিটাৰত ৰাষ্ট্ৰীয় পদক লাভ কৰা হিমা দাসে পিঠিৰ বিষ নেওচি মহিলাৰ ২০০ মিটাৰ ৰেচত সোনৰ পদক লাভ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : অসম কন্যা হিমা দাসৰ চেক গণৰাজ্যত তৃতীয়টো সোনৰ পদক অৰ্জন

Next Story
চাকৰি