ব্ৰেকিং নিউজ

বৰষুণৰ বাবে বিএমচিয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে

Sentinel Digital Desk

প্ৰায় ১৫ দিনীয়া ধাৰাষাৰ বৰষুণৰ পাছত মুম্বাই জন জীৱন প্ৰায় স্তব্ধ হৈ পৰিছে ।ধাৰাষাৰ বৰষুণৰ বাবে বিএমচিয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে | মুম্বাইত বহুতো অঞ্চলত পানী জমা হৈ যোৱাৰ লগতে যাতায়াতৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । ধাৰাষাৰ বৰষুণৰ ফলত মুম্বাইত বানপানী হোৱাৰ ফলত ব্ৰিহনমুম্বাই পৌৰ নিগমে আজি অৰ্থাৎ ২ জুলাইত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে।

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা মতে, অনাগত ৪৮ ঘন্টাত চহৰ খনত ধাৰাষাৰ বৰষুণ হৈ থাকিব । যোৱা মাহটোত চহৰ খনত ৫৫০mm মাত্ৰাত বৰষুণ দি আছিল ।

বৰষুণৰ ফলত মুম্বাইত জৰুৰী ব্যবস্থা ঘোষণা কৰিছে । বি এম চিয়ে ইতিমধ্যে হেল্প লাইন নম্বৰ মুকলি কৰিছে । হেল্প লাইন নম্বৰ সমূহ হৈছে-

১০৮- বাৰিষা সহায়ক নম্বৰ ( বি এম চি)

১৯১৬ - বৰষুণৰ সময়ত নাগৰিক বিপৰ্যয়ৰ বাবে ( বি এম চি)

১০৮- এম্বুলেঞ্চ সেৱা

১৫১২- ৰেলৱে জৰুৰী সেৱা

১০০ - আৰক্ষী হটলাইন

+ ৯১৯৮২২৪৯৮২২৪ - জৰুৰী সেৱাৰ বাবে , মুম্বাই পুণে হাইৱে পাট্ৰোল

১১২- ভাৰতৰ ছিংগল জৰুৰী নম্বৰ , আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯১১ ৰ দৰে ।

বৰ্তমান মুম্বাই চহৰত বৰষুণৰ বাবে জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে । মুম্বাইৰ বহুতো ৰাজপথ , পদ পথৰ লগতে ৰেল লাইনটো বানপানীৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে । যাত্ৰী সকলৰ লগতে ব্যৱসায়ী সকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । চৰকাৰী কাৰ্যালয়ৰ মুখপাত্ৰয়ে প্ৰকাশ কৰা মতে, জৰুৰী সেৱাৰ বাদে কোনো সেৱায়ে চহৰ খনত কাম কৰা নাই ।

মুম্বাইত যি সমূহ অঞ্চলত বানপানীৰ হয় , সেই অঞ্চলৰ লোক সকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে । যেতিয়ালৈকে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে বৰষুণ অব্যাহত থকাৰ আগজাননী দিছে , তেতিয়া লৈকে বানপানী সৃষ্টি হোৱা অঞ্চলত সমূহৰ লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে ।

উল্লেখযোগ্য যে, বৰষুণৰ ফলতে মুম্বাই বিমান বন্দৰলৈ যোৱা পথ সমুহ বন্ধ হৈ পৰিছে । বিমান সেৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।

স্পাইচজেট আৰু বয়িং ৭৩৭-৮০০ ৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হোৱা পৰিলক্ষিত হয় ।

গোৱা , আহমেদাবাদ আৰু বাংগালোৰ আদি লৈ ৫৪ খন বিমান যাত্ৰা কৰিছে।