ব্ৰেকিং নিউজ

মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

Sentinel Digital Desk

ৰাজ্য চৰকাৰে ১৭ খন জিলাৰ ১৫ টা বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজন ৰন্ধাৰ দায়িত্ব দিয়াক লৈ সম্প্ৰতি ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ইফালে এই মধ্যাহ্ন ভোজনৰ ৰন্ধাৰ দায়িত্বত থকা এনজিঅ’সমূহে অতি নিম্ন মানদণ্ডৰ খাদ্য ছাত্ৰ ছাত্ৰীক যোগান ধৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে যদি এনজিঅ’সমূহৰ বিৰুদ্ধে এই অভিযোগ সচাঁ হয় তেন্তে তদন্ত কৰা হ’ব ।

১৫ টা এনজিঅ’ই ৰাজ্য চৰকাৰৰ লগত মধ্যাহ্ন ভোজনৰ কাৰণে চুক্তি কৰিছিল ৷ যদি ছাত্ৰ ছাত্ৰীক অস্বাস্থ্যকৰ ভোজন তেওঁলোকে যোগান ধৰিছে তেন্তে তদন্তৰ সন্মুখীন হ’ব। লগতে মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাক আশ্বাস প্ৰদান কৰি মন্ত্ৰী ভট্টাচাৰ্যই কয় যে তেওঁলোকৰ এই ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই।

তেওঁলোকে প্ৰথমৰ দৰেই পাৰিশ্ৰমিক লাভ কৰিব। অৱশ্য তেওঁলোকৰ সম্প্ৰতি কামৰ পৰিমাণ সীমিত হ’ব কাৰণ তেওঁলোকে খাদ্য ৰান্ধিব নালাগে ৷লগতে তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ সম্বন্ধে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱা হৈছে বুলিও কয় মন্ত্ৰী ভট্টাচাৰ্যই ৷ চৰকাৰী বিদ্যালয়ত পঢ়া বেছিভাগ ল’ৰা ছোৱালী অসমৰ গাঁৱৰ পৰিয়ালত বাস কৰা ৷

তেওঁলোকৰ পিতৃ মাতৃয়ে পুৱা খেতিত কাম কৰিবলৈ গৈ বিয়লি ঘৰলৈ ওভতি আহে। ল’ৰা ছোৱালীয়ে পুৱা খালী পেটে বিদ্যালয়লৈ যায় ।এই ছাত্ৰ ছাত্ৰীসকলৰ খাদ্যৰ দায়িত্ব চৰকাৰে লৈছে ৷গতিকে এনেধৰণে কোনো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত খেলি অখাদ্য খুৱালে সহ্য কৰা ন’হব বুলি মন্তব্য কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

ভিডিঅ প্ৰতক্ষ্য কৰক: Dilapidated Road Conditions under Borsola Constituency in Sonitpur