লক্ষীমপুৰত দ্বিতীয় দিনাও প্ৰতিবাদ কৰিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে

লক্ষীমপুৰত দ্বিতীয় দিনাও প্ৰতিবাদ কৰিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে

লক্ষীমপুৰত দ্বিতীয় দিনাও প্ৰতিবাদ কৰিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে ৷ ৰাজ্যত শেহতীয়াকৈ মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংষ্ঠাসমূহক দিয়াৰ সিদ্ধান্তক লৈ প্ৰতিবাদ অব্যাহত আছে ।তাৰ মাজতে মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল হৈ থাকিল লক্ষীমপুৰ ৷সদৌ অসম নিম্ন প্ৰাথমিক বিদ্যালয়,উচ্চ প্ৰাথমিক আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি লক্ষীমপুৰ জিলাৰ খুটাকটীয়াত প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে বৃহস্পতিবাৰে লক্ষীমপুৰত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা,ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা ৰান্ধনিসকলে এনজিঅ’য়ে মধ্যাহ্ন ভোজন ৰন্ধা গৃহক ঘেৰাও কৰে ৷

অৱশ্য বৃহস্পতিবাৰে পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ লক্ষীমপুৰ জিলাৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰে। যাৰ ফলত প্ৰতিবাদকাৰী সকলে মধ্যাহ্ন ভোজন ৰন্ধা গৃহত প্ৰবেশ কৰিবলৈ সক্ষম নহ’ল ৷ইয়াৰ পিছত প্ৰতিবাদ কাৰী সকলে উত্তৰ লক্ষীমপুৰ আৰু কমলাবাৰী পথটোক আৱদ্ধ কৰে। কিন্তু আৰক্ষীৰ লোকসকলৰ তৎপৰতাত পথটো মুকলি হয়। প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰক মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত এক বিশেষ সিদ্ধান্ত ল’বলৈ আহ্বান কৰে ৷

দ্বিতীয়তে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰৰ ছাত্ৰ ছাত্ৰীসকলক নিম্ন মানদণ্ডৰ মধ্যাহ্ন ভোজন দিয়া বুলি পাৰশ এগ্ৰো ছ’চাইটীৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷লগতে অভিযোগ অনুসৰি শুক্ৰবাৰে এনজিঅ’টোৱে লক্ষীমপুৰ জিলাত বৃহৎ সংখ্যক বিদ্যালয়ত মধ্যাহ্ন ভোজন দিবলৈ সক্ষম ন’হল ৷ইফালে এনজিঅ’টোৱে প্ৰথম দিনা যোগান ধৰা খাদ্যত বিভিন্ন সামগ্ৰী মিশ্ৰিত হোৱাৰ কাৰণে মধ্যাহ্ন ভোজনৰ মানদণ্ড অতিশয় নিম্ন হৈছে বুলি প্ৰতিবাদ কৰে প্ৰতিবাদকাৰী সকলে।

আনহাতে মধ্যাহ্ন ভোজনৰ এই প্ৰসংগটোৱে সমগ্ৰ ৰাজ্যত এক বিশেষ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে । এএইউএ অৰ্থাৎ (All Assam Unemployed Association) য়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তি অনুসৰি চৰকাৰে এনজিঅ’সমুহৰ পকেট আৰ্থিকভাৱে সবল কৰিবলৈ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব এনজিঅ’সমূহক দিছে ।লক্ষীমপুৰ জিলাত প্ৰথম দিনাই এনজিঅ’সমূহেই মধ্যাহ্ন ভোজনৰ দায়িত্বক সূচাৰুপে পালন কৰিব নোৱাৰিলে ।

সংবাদ বিজ্ঞপ্তি অনুসৰি লক্ষীমপুৰ এএইউএৰ সভাপতি বিনোদ দাস,উপ সভাপতি ৰাজু দাসৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে মধ্যাহ্ন ভোজনসমূহ সীমিত মানদণ্ডৰ হিছাপে নিৰীক্ষণ কৰিছে ৷সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এই এনজিঅ’সমূহৰ কাৰ্যকাল সমাপ্ত কৰিবলৈ আহ্বান কৰে । যিয়ে অস্বাস্থ্যকৰ মধ্যাহ্ন ভোজনৰ যোগান ধৰিছে।

অৱশ্য বিদ্যালয়ৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে দ্য চেন্টিনেলৰ সন্মুখত কয় যে এই সমগ্ৰ ঘটনা সোমবাৰৰ আগত সমাধান কৰা হ’ব ৷ইফালে প্ৰতিবাদ দেখি পাৰশ এগ্ৰো ছ’চাইটীৰ ৰান্ধনিয়ে মধ্যাহ্ন ভোজন ৰান্ধিবলৈ অহা নাই ।যাৰ কাৰণে শুক্ৰবাৰে জিলাখনৰ প্ৰায় ৬-৭ খন জিলাত মধ্যাহ্ন ভোজন লাভ নকৰিলে। লগতে বিদ্যালয়ৰ পৰিদৰ্শক নাথে মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত জিলা প্ৰশাসন আৰু এনজিঅ’সকলৰ লগত এক আলোচনাত বহিব বুলি মন্তব্য কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Dilapidated Road Conditions under Borsola Constituency in Sonitpur

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com