Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সোনোৱালে মুকলি কৰিলে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

মুখ্যমন্ত্ৰী সোনোৱালে মুকলি কৰিলে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2019 6:47 AM GMT

বৃহস্পতিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ধাৰাবাহিকৈ তৃতীয় বাৰলৈ অনুষ্ঠিত হোৱা এই চলচ্চিত মহোৎসৱত এইবাৰ ইৰানী ছবিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব ।‌জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা‌‌ ৰিজ'নেল ফিল্ম এণ্ড টেলিভিছনৰ সহযোগত সাত দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱত ৬৫ দেশৰ প্ৰায় ১০০ খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধনী অনুষ্ঠানত কয় যে সাংস্কৃতিক সমাজ আৰু চলচ্চিত্ৰই বিশ্বক সকলোৰে কাষ চপাই অনাত সহায় কৰে ।‌ তেওঁ আশা প্ৰকাশ কৰে যে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ‌ অহা চলচ্চিত্ৰৰ নতুন সংস্কাৰনে যুৱ প্ৰজন্মক চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ অনুপ্ৰেৰণা যোগাব ।‌

মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয় যে ৰাজ্য খনত প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু বহু প্ৰতিভাৱান শিল্পী আছে যিয়ে বিশ্বৰ চলচ্চিত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰি আহিছে । অভিনেতা আদিল হুছেইন আৰু নিৰ্দেশক ৰীমা দাসৰ সফলতাক সুৱৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই চলচ্চিত্ৰ মহোৎসৱে যুৱ প্ৰজন্মক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ ওপৰলৈ আহিবলৈ যথেষ্ট খিনি সহায় কৰিব ।‌

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি উন্নয়নৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা পদক্ষেপৰ শলাগ লয় । তেওঁ বলিউড চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰক অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত চলচ্চিত্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰা পলিচ ফিল্ম আৰু থিয়েটাৰ নিৰ্মাতা ক্ৰেজষ্ট'ফ জানুছীয়ে কয় যে , বৰ্তমান সময়ত চলচ্চিত্ৰই এক নতুন দিশৰ সূচনা কৰিছে । তেওঁ কয় যে এই মহোৎসৱ বিশ্ব চলচ্চিত্ৰ প্ৰদৰ্শনৰ এক শক্তিশালী মাধ্যম যিবোৰ চলচ্চিত্ৰ স্থানীয় লোক আৰু বানিজ্যিক ক্ষেত্ৰত উপলব্ধ নাথাকে । লগতে তেওঁ ৰাজ্য চৰকাৰে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰা পদক্ষেপক প্ৰশংসা কৰে।

উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে , দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত চিন কিল , টাইৱানৰ ৰাষ্ট্ৰদূত টাইন চুং কাউং , হাংগৰীৰ ৰাষ্ট্ৰদূত গুৱালা পেথো , চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভানদাৰকাৰ ,‌অভিনেতি আদিল হুছেইনৰ লগতে আন বহুতো গন্য মান্য ব্যক্তিয়ে এই উদ্বোধনী অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে।

অন্য খবৰৰ বাবে পঢ়ক: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিলে মাধৱদেৱ বঁটা

ভিডিঅ প্ৰতক্ষ্য কৰক:Know About | Vedic Philosophy in 21st Century

Next Story
চাকৰি