মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিলে মাধৱদেৱ বঁটা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিলে মাধৱদেৱ বঁটা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিলে মাধৱদেৱ বঁটা । সোমবাৰে লক্ষীমপুৰ জিলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্মানীয় মাধৱদেৱ বঁটা প্ৰদান কৰে সত্ৰাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী আৰু পদ্মশ্ৰী ড° সুনীল কোঠাৰিক । শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ সংস্কৃতি , সাহিত্য,আধ্যাত্মিকতা আদি প্ৰচাৰৰ বাবে ২০০৯ চনত পোন প্ৰথমবাৰৰ বাবে এই বঁটাৰ শুভাৰম্ভণি কৰিছিল ।

মায়ামৰা দিজয় সত্ৰৰ সত্ৰাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱে শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ চিন্তা ধাৰা , সংস্কৃতি সম্প্ৰসাৰণৰ বাবে ২০১৬ চনৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হয় । লগতে ২০১৯ ৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হয় পদ্মশ্ৰী ড° সূনীল কোঠাৰিক । সূনীল কোঠাৰি এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্য বিদ ।

লগতে গৱেষক আৰু আলোচক , আৰু সংগীত নাটক একাডেমী বঁটাৰ বিজয়ী ।কোঠাৰীয়ে সত্ৰীয়া নৃত্যৰ ওপৰত ব্যাপক জ্ঞান ১৯৬৪ চনত মাজুলীৰ কলিবাৰী পত্ৰৰ পৰা আহৰন কৰে৷ তাৰপিছত তেওঁ অসমলৈ আহে ৷ অসমতে তেওঁ ১৯৬৮, ১৯৭০ ,১৯৯৯ চনত সত্ৰীয়া নৃত্যৰ লগতে ৰাজ্যৰ প্ৰসিদ্ধ ওজাপালি আৰু দেৱদাসী নৃত্যৰ ওপৰত তথ্য সমূহ নথি ভূক্ত কৰে ।

তাৰ পিছতেই তেওঁ সত্ৰীয়া নৃত্য ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিস্তাৰ সাধন কৰে । লক্ষীমপুৰ জিলা প্ৰশাসনৰ সঞ্চালকালয় সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত লক্ষীমপুৰ নাৰায়ণপুৰ এইচ এচ স্কুলৰ খেল পথাৰত এই সভাখন অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটোত বঁটা বিজয়ীসকলক সম্বোধন জনোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সত্ৰাধিকাৰ যুগদানন্দ গোস্বামী আৰু নৃত্য শিল্পী ড° সুনীল কোঠাৰীক সন্মান সহকাৰে গামোচা , চেলেং চাদৰ , শৰাই , প্ৰশংসা পত্ৰৰ লগতে ৩,০০,০০০ টকাৰ চেক প্ৰদান কৰে ।

মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন প্ৰজন্মৰ লগতে জনসাধাৰণক মাধৱদেৱৰ আধ্যাত্মিক ধাৰণাৰ লগতে সংস্কৃতি নতুন জনসাধাৰণৰ মাজত বৃদ্ধি কৰিবলৈ কয় । এই অনুষ্ঠানটোতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৭ চনত ঘোষণা হোৱা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শুভাৰম্ভণি কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, " মই আশা কৰো যি সকল ছাত্ৰ ছাত্ৰীয়ে এই বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে সেই সকলে মানৱীয় শিক্ষাৰ লগতে বৌদ্ধিক শিক্ষাও লাভ কৰিব । তেওঁলোকে কেৱল মাথো ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি লাভ কৰিব ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সংস্থাপক তথা ভাইচ চেঞ্চলাৰ দিবাকৰ চন্দ্ৰ ডেকাক আধ্যাত্মিক ধাৰনা আৰু মূল্যবোধৰ শিক্ষা প্ৰদান কৰাৰ কথাও কয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com