Begin typing your search above and press return to search.

সত্ৰাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱক প্ৰদান কৰা হ'ব মাধৱদেৱ বঁটা

সত্ৰাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱক প্ৰদান কৰা হব  মাধৱদেৱ বঁটা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2019 1:28 PM GMT

সত্ৰাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱক প্ৰদান কৰা হ'ব মাধৱদেৱ বঁটা ( Madhabdev award ) । বিভিন্ন ধৰণৰ পুৰস্কাৰ আৰু সন্মান লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰতিপদক তিনিচুকীয়া জিলাৰ বৰগুৰিৰ অন্তৰ্গত দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱক ২০১৬ চনৰ মাধৱদেৱ বঁটা ( Madhabdev award ) অৰ্পন কৰা হয় । লগতে ড° সুনীল কুঠাৰি লৈ ২০১৯ চনৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ'ব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব লগীয়া এই সন্মানৰ ওপৰত সংগতি ৰাখিয়েই সোমবাৰে লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

পৰমপূজনীয় যুগদানন্দ গোস্বামী ৰ জন্ম হৈছিল ১৯২৭ চনত । মায়ামৰা সত্ৰৰ ৯ তম সত্ৰাধিকাৰ মহাদানন্দ চন্দ্ৰ গোস্বামী আৰু তোৰোৱতী গোস্বামীৰ পুত্ৰ যুগদানন্দ গোস্বামী । পৰমপূজনীয় যুগদানন্দ গোস্বামীয়ে শ্বিলঙৰ এচ টি এনথোনিচ স্কুলৰ পৰা গ্ৰেজুৱেশ্বন সমাপ্ত কৰে । তাৰপিছত ১৯৬০ চনত দিনজয় হাজৰিমল হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। ১৯৮৭ চনত যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱে সহকাৰী প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে ।

এজন সফল লিখক তথা আয়োজক যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱে যোৰহাট জিলাত এখন সত্ৰীয়া সংগীত মহাবিদ্যালয় প্ৰতিষ্ঠা কৰে । লগতে সত্ৰাধিকাৰ গৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত সত্ৰীয়া সংগীতৰ বিশাৰদ পাঠ্যক্ৰম সন্নিবিষ্ট কৰে । শান্তি আৰু সামজস্য ৰ বিশিষ্ট তৰ্কবিদ গোস্বামী দেৱে ৰাজ্য খনৰ হিতৰ বাবে বিভিন্ন ধৰণৰ শান্তি মূলক ব্যৱস্থা হাতত লৈছিল ।

তাৰোপৰি সত্ৰাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱক বিভিন্ন ধৰ্মৰ সংস্হান সমূহত বাদ্য যন্ত্ৰ সমূহৰ প্ৰচাৰ আৰু সংৰক্ষণৰ লগতে সত্ৰৰ বহুমূলীয়া সাচিপাত লিপি সংৰক্ষণৰ বাবে ২০১৬ ৰ অসম সত্ৰ ৰত্ন বঁটা ( Assam Rayna award ) অৰ্পন কৰা হয় । সোমবাৰে , লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ হাইয়াৰ চেকেণ্ডেৰী স্কুল ত অনুষ্ঠিত হ'ব লগীয়া এই চৰকাৰী অনুষ্ঠানটো ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ও অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানটো আয়োজন কৰে লক্ষীমপুৰ জিলা প্ৰশাসনৰ সঞ্চনালয় সাংস্কৃতিক সংস্হাৰ তত্বাৱধানত । সেই দিনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাধৱদেৱ বিশ্ববিদ্যালয় খন উদ্বোধন কৰিব ।

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন আৰু সাংস্কৃতিক কাৰ্যৰ মন্ত্ৰী ( P&RD and cultural affairs minister ) নব কুমাৰ দলে , সাংসদ প্ৰধান বৰুৱা আৰু পল্লৱ লোচন , বিধায়ক উৎপল দত্ত আৰু দেৱানন্দ হাজৰিকাৰ লগতে বহুতো প্ৰসিদ্ধ ব্যক্তিসকলে ও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

এই অনুষ্ঠানটো আৰম্ভ হ'ব দিনৰ ১০ বজাত । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৰ্থ লখিমপুৰ জিলাৰ আৰক্ষী চকীৰ নতুন বিল্ডিঙৰ উদ্বোধনী কৰিব । এই বিল্ডিঙটো মৈত্ৰী আচঁনিৰ অধিনত ১.৯২ কোটি টকাৰ বাবদ নিৰ্মাণ কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক: বিনিছা দেৱীৰ ” ৰত্নৰাগ” উপন্যাসৰ উন্মোচনী সভা

ভিডিঅ প্ৰতক্ষ্য কৰক:World Rhino Day celebrated in Kaziranga National Park

Next Story
চাকৰি