বিনীশা দেৱীৰ " ৰক্তৰাগ" উপন্যাসৰ উন্মোচনী সভা

বিনীশা দেৱীৰ " ৰক্তৰাগ" উপন্যাসৰ উন্মোচনী সভা

বিনীশা দেৱীৰ "ৰক্তৰাগ" উপন্যাসৰ উন্মোচনী সভা । ৰবিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিনীশা দেৱীৰ " ৰক্তৰাগ" নামৰ উন্মোচন কৰা হয় । এই উপন্যাসখন সকলো নিৰপৰাধী আৰু স্বৰ্গগামী লোক যি সকলে কিছুমান অসভ্য মানুহৰ হাতত নিজৰ জীৱন হেৰুৱাইছিল সেই সকল নিৰীহ মানুহৰ নামত অৰ্পন‌‌ কৰে ।

উপন্যাসিক ফনিন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে আনুষ্ঠানিক ভাৱে এই উপন্যাসখনৰ শুভাৰম্ভ কৰে । ৰক্তৰাগ নামৰ উপন্যাস খন প্ৰকাশ কৰে পূৰ্বাঞ্চল প্ৰকাশনৰ জ্যেষ্ঠ সাহিত্যিক নবীন বৰুৱাই । এই ৰক্তৰাগ নামৰ উপন্যাসখনৰ প্ৰস্তাৱনা লিখে ডা: অঞ্জন জ্যোতি চৌধুৰীয়ে । মনৰ জটিলতা , সামাজিক ঘটনা , কিছুমান সমসাময়িক বিষয় বস্তুৰ ওপৰত ৰচিত এই উপন্যাসখন অনলাইনটো উপলব্ধ আছে ।

সাংবাদিক দৰ্শনা বৰুৱাই আহ্বান কৰা এই সভাত বিখ্যাত শিল্পী , লিখক , আৰু ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰী আৰু লেখিকা , উপন্যাসিকা , গল্প লেখিকা মনালিছা শইকীয়াও এই উন্মোচনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। লগতে আন প্ৰতিনিধিও এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে । ড° গীতালি শইকীয়া , টাবিয়ুল হুছেইন , নিকুমনি হুছেইন , যুগল লোচন দাস , উৎপল দাস আৰু বহুতো লোক ৰক্তৰাগ উপন্যাস উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged Molestation Case in Guwahati, CP Deepak Kumar addresses Media

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com