ব্ৰেকিং নিউজ

জনগোষ্ঠীয় লোকসকলৰ ভূমি সুৰক্ষা কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ

Sentinel Digital Desk

অসম চৰকাৰে জনগোষ্ঠীয় লোক সকলৰ ভূমি সুৰক্ষা বাবে বিভাগক প্ৰয়োজনীয় সংশোধনি কৰিবলৈ প্ৰকাশ কৰিছে । জনগোষ্ঠীয় লোক সকলৰ বহুতো সুৰক্ষিত ভূমি বহু বছৰ ধৰি অবৈধ ভাৱে আন লোকে দখল কৰি থকা বুলি দাখিল কৰা ৰিপোৰ্টৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে ।

নীতি অনুযায়ী , চৰকাৰী ভূমি সমূহ জিলা উপায়ুক্তয়ে NOCs (Non objection certificate) জাৰি কৰাৰ পিছতে এই ভুমি বিক্ৰী কৰিব পাৰিব । আনহাতে প্ৰস্তাৱিত নীতি মতে , জিলা উপায়ুক্ত সকলক এই ক্ষমতা হ্ৰাস পাব । নীতি মতে , জিলা উপায়ুক্ত সকলে ভুমিৰ তথ্য সমূহ ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিভাগলৈ প্ৰেৰণ কৰিব লাগিব । ভূমি সম্পৰ্কীয় গোচৰটো তন্ন তন্নকৈ অধ্যয়ন কৰাৰ পাছত কেৱল ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগেহে এন অ চি প্ৰদান কৰিব পাৰিব । এই নীতি বিশেষকৈ যাতে ভুমি সমূহ জনগোষ্ঠীয় লোকক বিক্ৰী কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে ।

ভুমি নীতিৰ এই প্ৰস্তাৱটো কেবিনেটত অনুমোদন জনোৱাৰ পিছত প্ৰথম পাইলট প্ৰজেক্টটো কামৰূপ আৰু কামৰূপ মেট্ৰত ৰূপায়ণ কৰা হব । ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়ায়ে প্ৰকাশ কৰে যে, এই সন্দৰ্ভত আলোচনা অব্যাহত আছে , আৰু জনগোষ্ঠীয় লোকসকলৰ ভূমি যাতে অ-জনগোষ্ঠীয় লোকক বিক্ৰী কৰা নহয় তাৰ বাবে বিভিন্ন বিষয় সমূহ আলোচনা কৰি থকা হৈছে । " ৰাজ্যৰ ১৭ টা জনগোষ্ঠীৰ বেল্ট আৰু ৩০ জনগোষ্ঠীৰ ব্লকৰ অধিনত ৮৫,৮০,৮৪২ বিঘা ভূমি আছে। জনগোষ্ঠীয় লোকসকলৰ ভুমি সুৰক্ষাৰ বাবে চৰকাৰে ব্যবস্থা গ্ৰহণ কৰি আহিছে । গোৱালপাৰা জিলাৰ চিদলিত সুৰক্ষিত অঞ্চলৰ বাবে প্ৰথম খন জাননী জাৰি কৰিছিল ১৯৪৭ চনৰ ৫ ডিচেম্বৰত ।

অসম চৰকাৰে কৃষিখণ্ড আৰু আবাসিক ভূমি সমূহ সুৰক্ষাৰ ক্ষেত্ৰত আইন খন ৰূপায়ণ কৰাৰ যথোপযুক্ত ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে । এই পদক্ষেপৰ লক্ষ্য হৈছে থলুৱা লোক সকলৰ ভূমি সুৰক্ষা প্ৰদান কৰা ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সম্পৰ্কত গুৰুত্ব সহকাৰে লৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৰাজহ বিভাগক নিৰ্দেশ দিছে যে , ভূমি সুৰক্ষাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ । ৰাজহ বিভাগে ভাৰতীয় সংবিধানৰ মতে প্ৰাসংগিক নীতি সমুহৰ বিশেষজ্ঞৰ লগত আলোচনা কৰিছে ।