Begin typing your search above and press return to search.

থলুৱা লোকৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰ পদক্ষেপ

থলুৱা লোকৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jun 2019 10:36 AM GMT

থলুৱা লোকৰ ভূমিলৈ এতিয়া ভাবুকিৰ সৃষ্টি হৈছে । অসম চৰকাৰে কৃষিখণ্ড আৰু আবাসিক ভূমি সমূহ সুৰক্ষাৰ ক্ষেত্ৰত আইন খন ৰূপায়ণ কৰাৰ যথোপযুক্ত ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে । এই পদক্ষেপৰ লক্ষ্য হৈছে থলুৱা লোক সকলৰ ভূমি সুৰক্ষা প্ৰদান কৰা ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সম্পৰ্কত গুৰুত্ব সহকাৰে লৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৰাজহ বিভাগক নিৰ্দেশ দিছে যে , ভূমি সুৰক্ষাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ । ৰাজহ বিভাগে ভাৰতীয় সংবিধানৰ মতে প্ৰাসংগিক নীতি সমুহৰ বিশেষজ্ঞৰ লগত আলোচনা কৰিছে ।

বৰ্তমান অসমত তেনে কোনো বিধানসভা নাই । অসমৰ যিকোনো ঠাইত যিকোনো ভাৰতীয় নাগৰিকে ভূমি ক্ৰয় কৰিব পাৰে । পিছত প্ৰকাশ কৰা হৈছিল যে, ভাৰতীয় নাগৰিকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োটা দিশত মাটি ক্ৰয় কৰিছে । আনহাতে, গ্ৰাম্য অঞ্চলত বহুতো কৃষি ভূমিৰ ক্ষেত্ৰতো একে দেখিবলৈ পোৱা যায় । বহুতো থলুৱা লোকে কম দৰত ভূমি সমূহ বিক্ৰী কৰা দেখিবলৈ পোৱা যায় । মধ্যস্থতাকাৰীয়ে ভূমিৰ চুক্তি সমূহ সম্পাদন কৰা পৰিলক্ষিত হয় ।

ৰাজ্যিক গৃহ আৰু ৰাজনীতি বিভাগে অসমৰ থলুৱা লোকসকলৰ “ভূমি নীতি ২০১৯ ” পৰ্যালোচনা কৰিছিল । গৃহ বিভাগে পৰ্যালোচনা কৰি ৰাজ্যিক ৰাজহ বিভাগক প্ৰথমতে থলুৱা লোকসকলৰ সংজ্ঞা বিচাৰিছিল । লগতে ৰাজহ বিভাগক জনাই যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভিত্তিত থলুৱা সকলৰ সংজ্ঞা দিবলৈ প্ৰকাশ কৰে।“অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৯ ” নীতিত এই নীতি সংযোজন কৰাৰ গুৰুত্ব সহকাৰে লৈছে । ৰাজ্যিক ৰাজহ বিভাগে ইতিমধ্যে ‘অসম ভূমি নীতি ২০১৯’ খচৰা প্ৰস্তুত কৰিছে আৰু ৰাজ্যিক চৰকাৰৰ ১১ টা বিভাগলৈ পঠিওৱা হয় । এই ১১ টা বিভাগৰ পৰা এই নতুন ভূমি নীতি অন্তৰ্ভুক্ত কৰা অথবা ক্ৰুটি আছে নেকিৰ সন্দৰ্ভত মতামত বিচাৰে।ব্যক্তিগত, কৃষি, বন , অৰ্থ , উদ্যোগ , গুৱাহাটী উন্নয়ন আৰু গ্ৰামোন্নয়ন বিভাগলৈ মতামতৰ বাবে প্ৰেৰণ কৰা হৈছে । যদি কোনো বিভাগে খচৰা খনৰ সন্দৰ্ভত সময় সীমাৰ ভিতৰত মতামত নিদিয়ে তেতিয়া সন্মতি থকা বুলি ধৰি লোৱা হব |

“ভূমি নীতি-২০১৯ ” ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইতিমধ্যে অনুমোদন জনাইছে । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰে ১১ টা বিভাগলৈ খচৰা নীতি প্ৰৰন কৰি ১৫ দিনৰ ভিতৰত তেওঁলোকৰ মতামত জনাবলৈ জাননী জাৰি কৰিছিল ।১৫ দিনৰ সময় সীমাৰ পিছত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই ১১ টা বিভাগৰ মতামত সমূহৰ ভিত্তিত টোকা প্ৰস্তুত কৰিব । এই টোকাটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৈ অন্তিম অনুমোদনৰ বাবে প্ৰেৰণ কৰা হব । তাৰ পাছত কেবিনেটত উত্থাপন কৰা হোৱাৰ পাছত খচৰা খন ৰাজ্যৰ নতুন ভূমি নীতিলৈ ৰূপান্তৰ কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক:ভূমি নীতি খচৰাৰ ক্ষেত্ৰত গৃহ বিভাগে থলুৱা সকলৰ সংজ্ঞা বিচাৰিছে

Next Story
চাকৰি