Begin typing your search above and press return to search.

ভূমি নীতি খচৰাৰ ক্ষেত্ৰত গৃহ বিভাগে থলুৱা সকলৰ সংজ্ঞা বিচাৰিছে

ভূমি নীতি খচৰাৰ ক্ষেত্ৰত গৃহ বিভাগে থলুৱা সকলৰ সংজ্ঞা  বিচাৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2019 7:18 AM GMT

ৰাজ্যিক গৃহ আৰু ৰাজনীতি বিভাগে অসমৰ থলুৱা লোকসকলৰ "ভূমি নীতি ২০১৯ " পৰ্যালোচনা কৰিছে । গৃহ বিভাগে পৰ্যালোচনা কৰি ৰাজ্যিক ৰাজহ বিভাগক প্ৰথমতে থলুৱা লোকসকলৰ সংজ্ঞা বিচাৰিছে । লগতে ৰাজহ বিভাগক জনাই যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভিত্তিত থলুৱা সকলৰ সংজ্ঞা দিবলৈ প্ৰকাশ কৰে।

“অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৯ ” নীতিত এই নীতি সংযোজন কৰাৰ গুৰুত্ব সহকাৰে লৈছে । ৰাজ্যিক ৰাজহ বিভাগে ইতিমধ্যে ‘অসম ভূমি নীতি ২০১৯’ খচৰা প্ৰস্তুত কৰিছে আৰু ৰাজ্যিক চৰকাৰৰ ১১ টা বিভাগলৈ পঠিওৱা হয় । এই ১১ টা বিভাগৰ পৰা এই নতুন ভূমি নীতি অন্তৰ্ভুক্ত কৰা অথবা ক্ৰুটি আছে নেকিৰ সন্দৰ্ভত মতামত বিচাৰে।ব্যক্তিগত, কৃষি, বন , অৰ্থ , উদ্যোগ , গুৱাহাটী উন্নয়ন আৰু গ্ৰামোন্নয়ন বিভাগলৈ মতামতৰ বাবে প্ৰেৰণ কৰা হৈছে । যদি কোনো বিভাগে খচৰা খনৰ সন্দৰ্ভত সময় সীমাৰ ভিতৰত মতামত নিদিয়ে তেতিয়া সন্মতি থকা বুলি ধৰি লোৱা হব |

“ভূমি নীতি-২০১৯ ” ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইতিমধ্যে অনুমোদন জনাইছে । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰে ১১ টা বিভাগলৈ খচৰা নীতি প্ৰৰন কৰি ১৫ দিনৰ ভিতৰত তেওঁলোকৰ মতামত জনাবলৈ জাননী জাৰি কৰিছিল ।১৫ দিনৰ সময় সীমাৰ পিছত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই ১১ টা বিভাগৰ মতামত সমূহৰ ভিত্তিত টোকা প্ৰস্তুত কৰিব । এই টোকাটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৈ অন্তিম অনুমোদনৰ বাবে প্ৰেৰণ কৰা হব । তাৰ পাছত কেবিনেটত উত্থাপন কৰা হোৱাৰ পাছত খচৰা খন ৰাজ্যৰ নতুন ভূমি নীতিলৈ ৰূপান্তৰ কৰা হব ।

ইতিমধ্যে ১১ টা বিভাগৰ ৫০ % য়ে এই ভূমি নীতিৰ ওপৰত মতামত ব্যক্ত কৰিছে । লগতে বাকী থকা বিভাগ কেইটায়ে সোনকালে মতামত ব্যক্ত কৰিব বুলি প্ৰকাশ কৰে। কিছুমান বিভাগে ভূমি নীতিৰ সন্দৰ্ভত মতামত আগবঢ়াবলৈ অধিক সময় লৈছে বুলি প্ৰকাশ কৰে।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়ায়ে জেষ্ঠ বিষয়াৰ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত আলোচনা কৰি এই “ভূমি নীতি-২০১৯” প্ৰস্তুত কৰিছিল ।“১৯৮৯ চনৰ ভূমি নীতি ” আৰু “২০১৬ ভূমি নীতি” ৰ লগতে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হাৰি শংকৰ ব্ৰহ্মৰ ” অসমৰ থলুৱা লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষা কমিটিৰ নীতিৰ ওপৰত ভিত্তি কৰি “ভূমি নীতি-২০১৯ ” প্ৰস্তুত কৰা হৈছে । অসমৰ ৰাজ্যপালৰ নিৰ্দেশত ২০১৭ চনৰ ৬ ফেব্ৰুৱাৰীত এই কমিটি খন গঠন কৰা হৈছিল । ৰিপোৰ্ট জমা দিয়া হৈছিল ২০১৮ চনৰ ১৮ জানুৱাৰীত ।নতুন ভূমি নীতি ২০১৯ চনৰ শেষৰ ফালে ৰাজ্য চৰকাৰে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক: দিছপুৰে হিতাধিকাৰীৰ বাবে ১৫ বছৰৰ ভূমি নীতিৰ প্ৰস্তাৱ দিয়ে

Next Story
চাকৰি