ব্ৰেকিং নিউজ

উগ্ৰতাৰা দেৱালয় চুৰি কাৰ্য্যঃ ব্ৰহ্মপুত্ৰত দলিয়ালে নেকি দেৱালয়ৰ বিগ্ৰহ

Sentinel Digital Desk

উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰিৰ এসপ্তাহ উকলি যোৱাৰ পিছতো সন্ধান ওলোৱা নাই চুৰি হোৱা বিগ্ৰহৰ।ঘটনাটোৰ সন্দেহত

আটক কৰা ড্ৰাগছ আসক্ত অভিযুক্তৰ সঘনে সলনি হৈ থকা বিবৃতিয়ে বিপাঙত পেলাইছে অনুসন্ধানকাৰী আৰক্ষী দলক। কেইজনমান নিচাসক্ত

অভিযুক্তকাৰীয়ে মন্দিৰৰ বিগ্ৰহটো চুৰিৰ পিছত ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱা বুলি কোৱাত সমস্যাত পৰিছে আৰক্ষী দলটো। এই বিবৃতিৰ

ভিত্তিত আৰক্ষীয়ে বৃহস্পতি বাৰে ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলঙৰ ওচৰত এক ব্যাৰ্থ অভিযান চলায়।

আৰক্ষীয়ে তাৰোপৰি আৰ কে গহনালয়ৰ

স্বত্তাধিকাৰী ৰাকেশ কুমাৰ শ্বাহ আৰু কৰ্মী ফিৰোজ খানক লগত লৈ বিগ্ৰহৰ অলংকাৰ খিনিৰ সন্ধানতো এক অভিযান চলাই।আৰক্ষীৰ এই

অভিযানো ৱ্যৰ্থ হয়।