উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত জিলিকি উঠিল নগাঁও। নগাঁও ৰামানুজন কলেজৰ ৯ গৰাকীকৈ শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ টা স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে ।
শীৰ্ষ ১০ টা স্থানৰ প্ৰথম স্থানত উৰ্ত্তীৰ্ণ হৈছে নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ বিতোপন অন্ধ্ৰা । ৫০০ নম্বৰৰ ভিতৰত ৪৭৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
শীৰ্ষ ১০ টা স্থানৰ তৃতীয় স্থানত উৰ্ত্তীৰ্ণ হৈছে ৰামানুজন জুনিয়ৰ কলেজ হ্ৰিদি প্ৰিয়ম শৰ্মা। হ্ৰিদি প্ৰিয়ম শৰ্মায়ে ৫০০ নম্বৰৰ ভিতৰত ৪৭৬ নম্বৰ লাভ কৰে ।
ৰামানুজন কলেজৰ পৰায়ে পঞ্চম স্থান দখল কৰিছে আয়ান কৌশিক মহন্ত আৰু বিশাল বৰুৱায়ে । ৫০০ নম্বৰৰ ভিতৰত ৪৭৩ নম্বৰ লাভ কৰে দুয়োগৰাকীয়ে ।
শীৰ্ষ অষ্টম স্থানত উৰ্ত্তীৰ্ণ হৈছে ৰামানুজন কলেজৰ শুভাশিষ দে । শুভাশিষ দে লাভ কৰিছে ৪৭০ ।
শীৰ্ষ নৱম স্থানত উৰ্ত্তীৰ্ণ হৈছে ৰামানুজন জুনিয়ৰ কলেজৰ অভিজনান দি বাঢ়ৈ । ৪৬৯ নম্বৰ লাভ কৰিছে অভিজনানে।
শীৰ্ষ দশম স্থানত আছে ৰামানুজন জুনিয়ৰ কলেজৰ কৌস্তভ কলিতা আৰু কনচেপ্ত জুনিয়ৰ কলেজৰ পুস্পা গুপ্তা। কৌস্তভ কলিতা আৰু পুস্পা গুপ্তায়ে ৪৬৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ