ব্ৰেকিং নিউজ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ হত্যা অসমৰ স্বাভিমানক

Sentinel Digital Desk

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে পুৱতি নিশা বাগৰি বনাঞ্চলত চোৰাং চিকাৰীয়ে এটা মতা গঁড় নিধন কৰি খৰ্গটো লৈ পলাই যাবলৈ সক্ষম হয়৷ তাৎপৰ্য পূৰ্ণ কথা যে বাগৰি বনাঞ্চলৰ ৰাইডিং পইণ্টৰ পৰা কিছু দূৰত্বতে চোৰাং চিকাৰীয়ে গঁড় নিধন কৰাৰ পাছতো পহৰাৰত বনকৰ্মীয়ে ইয়াৰ কোনোধৰণৰ সম্ভেদেই নাপালে৷ পুৱা হাতীছাফাৰীলৈ যোৱা পৰ্যটকৰ দৃষ্টিত পৰে খৰ্গ হীন গঁড়টো ৷লগে লগে ছাফাৰীত যোৱা বন কৰ্মীয়ে বনাঞ্চলিক বিষয়াক খবৰ দিয়াত তৎপৰ হৈ পৰে বিভাগীয় বিষয়া কৰ্মচাৰী ৷

বন বিভাগৰ সূত্ৰ মতে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষনাৰ পাছৰে পৰা উদ্যান খনৰ দাঁতি কাষৰীয়া এলেকা সমূহত ফটকা ফুটাই থকাৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হৈছিল কৰ্তব্যৰত বন কৰ্মীৰ মনত যাৰবাবে পহৰাদাৰী বনকৰ্মীয়ে চোৰাংকচিকাৰীৰ অভিযানৰ কোনো সম্ভেদ নাপালে ৷বনবিভাগে স্নিফাৰ ডগৰ সহায়ত এলেকাটোত অভিযান আৰম্ভ কৰিছে৷ উল্লেখ যে, চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টাকৈ গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হয়। ইফালে গঁড় হত্যাৰ সন্দৰ্ভত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই কাজিৰঙাৰ গড়ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আহ্বান জনাইছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ