ব্ৰেকিং নিউজ

গুৱাহাটী বিশ্ববিদ্যালয়ত আজিৰ পৰা আৰম্ভ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ

Sentinel Digital Desk

আজিৰে পৰা আৰম্ভ হোৱা ২৮ আগষ্টলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটী বিশ্ববিদ্যালয়আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে।এই মহোৎসৱত অংশগ্ৰহণ কৰিছে ৬১খন মহাবিদ্যালয়ে।ৰাতিপুৱা ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা এই শুভ অনুষ্ঠানত পতাকা উত্তোলন কৰে বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ড৹ মৃদুল হাজৰিকাই। লগতে অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থাকে।তিনিদিনীয়া বিভিন্ন বৰ্নাঢ়্য কাৰ্য্যসূচী লোক নৃত্য,সুকমাৰ আৰু কলা-সাহিত্য,নাটক,পোষ্টাৰিং-কাৰ্টুন,লোকবাদ্য আদিৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হ'ব।