গুৱাহাটী বিশ্ববিদ্যালয়ত ছাৰ্জিকেল ষ্ট্ৰাইক দিৱস উদযাপন

গুৱাহাটী বিশ্ববিদ্যালয়ত ছাৰ্জিকেল ষ্ট্ৰাইক দিৱস উদযাপন
Published on: 

আজি 'ছাৰ্জিকেল ষ্ট্ৰাইক দিৱস'। আজিৰ দিনটোতে দুই বছৰ পূৰ্বে ভাৰতীয় সেনাই পাকিস্তানৰ বিৰূদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক চলাই ধ্বংস কৰিছিল পাক ৰেঞ্জাৰ্ছৰ বাংকাৰ আৰু শিবিৰ । সমগ্ৰ দেশৰ লগতে আজি উত্তৰ পূবৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়তো উদযাপন কৰা হয় ছাৰ্জিকেল ষ্ট্ৰাইক দিৱস । অনুষ্ঠানটোত উপস্থিত থাকে সেই সময়ত ভাৰতীয় সেনাত কৰ্ণেল হিচাপে কৰ্ম দায়িত্বত থকা বৰ্তমান অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰবিন দাস । মাত্ৰ কিছুদিনৰ ভিতৰতে কিদৰে ভাৰতীয় সেনাই নিজৰ পৰাক্ৰম দেখুৱাবলৈ সক্ষম হৈছিল সেই সম্পৰ্কে মত ব্যক্ত কৰি কৰ্ণেল দাসে মোদী চৰকাৰকো ছাৰ্জিকেল ষ্ট্ৰাইক সম্পৰ্কে ভাৰতীয় সেনাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com