ব্ৰেকিং নিউজ

গুৱাহাটী ৰেলৱে ষ্টেচনত হিৰোইন উদ্ধাৰ

Sentinel Digital Desk

আজি ৰাতিপুৱা গুৱাহাটী ৰেলৱে ষ্টেচনত টহলদাৰী ৰেলৱে আৰক্ষীয়ে যশোৱন্ত এক্সপ্ৰেছত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক সন্দেহযুক্ত ড্ৰাগছৰ সৈতে আটক কৰে।অভিজানকাৰী ৰেল আৰক্ষীৰ দলটোৱে যশোৱন্ত এক্সপ্ৰেছৰ বি-৩ দৱাৰ ২৭ নম্বৰ চিটৰ পৰা ৬০ গ্ৰাম হিৰোইনৰ সৈতে লৈথাংবাং এম ভি চালিমখান নামৰ মনিপুৰৰ পশ্চিম ইম্ফলৰ ২৭ বছৰীয়া যুৱকজনক আটক কৰে। আটকাধীন যুৱকজন মনিপুৰৰ মায়ানি লেইকাই গাওঁৰ এল অপ্তিকৰ পুত্ৰ। ইতিমধ্যে ৰেল আৰক্ষীয়ে এন ডি পি এচ আইনৰ অধীনত যুৱকজনৰ বিপক্ষে এটা গোচৰ ৰুজু কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ