ব্ৰেকিং নিউজ

গুৱাহাটীৰ বোমা বিস্ফোৰণৰ অপৰাধীক ধৰিবলৈ আৰক্ষীয়ে জিপিএচ ট্ৰেক কৰিছিল

Sentinel Digital Desk

গুৱাহাটীত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত এই বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত আলফাৰ লগত সম্বন্ধ থকা ৫ জন লোকক বৰ্তমানলৈকে আটক কৰিছে আৰক্ষীয়ে।

গুৱাহাটীৰ বাইক আৰু গাড়ী ভাৰালৈ দিয়া এটা ব্যক্তিগত কোম্পানী Ahija.com য়ে আজি এক সংবাদমেল সম্বোধন কৰে। গুৱাহাটী জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনা সম্পৰ্কত এই সংবাদমেল খন অনুষ্ঠিত কৰে। এই কোম্পানীটোয়ে এই বিস্ফোৰণৰ অভিযুক্তক আৰক্ষীয়ে ধৰিবলৈ কেনেদৰে জিপিএচৰ সহায় লৈছিল সেই সম্পৰ্কে বাখ্যা কৰে ।

বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত জাহ্নৱী শইকীয়াক আটক কৰাৰ পিছতে Ahija.com ৰ ফালৰ পৰা জাহ্নৱীক চিনাক্ত কৰে আৰু জিপিএচ মনিটৰিং গোটে Ahija ৰ বাইক খন গীতানগৰ আৰক্ষী থানাত থকা বুলি প্ৰকাশ কৰে । তাৰ পাছত AHIJA ৰ বিষয়ায়ে ডিজিপিক যোগাযোগ কৰে যদিও সেই সময়ত ডিজিপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত আলোচনাত ব্যস্ত থকাৰ হেতুকে ডিচিপি ধৰ্মেন্দ্ৰ দাসে অনুসন্ধান চলাই যায় বুলি প্ৰকাশ কৰে । Ahija য়ে ডিচিপিৰ লগত এক বৈঠকত মিলিত হয় বুলি প্ৰকাশ কৰে । লগতে এই উৎসৰ পৰায়ে আৰক্ষীয়ে অনুসন্ধান ক্ষিপ্ৰ গতিৰে চলাবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰে।

গুৱাহাটী আৰক্ষীয়ে বৃহস্পতি বাৰে বোমা বিস্ফোৰণৰ লগত জৰিত থকাৰ সন্দেহত প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰে । বুধবাৰে বাবে আলফায়ে সংঘটিত কৰা বোমা বিস্ফোৰণত ১২ গৰাকীকৈ লোক গুৰুত্ব ভাবে আহত হৈছিল । ইয়াৰে ২ জন এচ এচ বি জোৱান আৰু শিশুও আছিল ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ