ব্ৰেকিং নিউজ

জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু এজনৰ

Sentinel Digital Desk

জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ চতুৰ্থ মহলাৰ পৰা পৰি এজন লোকৰ থিতাতে মৃত্যু হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে । মহানগৰীৰ চানমাৰিস্থিত জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

মৃত্যু হোৱা লোকজনৰ নাম কনক চন্দ্ৰ ৰাভা বুলি জানিব পৰা গৈছে । লোক জনৰ আনুমানিক বয়স ৫৮ বছৰ । মৃত লোক জন জলসিঞ্চন বিভাগৰ ইলেকট্ৰিকেল বিভাগৰ কৰ্মচাৰী আছিল । কনক চন্দ্ৰ ৰাভাৰ ঘৰ মহানগৰীৰ হাতীগাঁওত বুলি জানিব পৰা গৈছে ।

কাৰ্য্যালয়ৰ চতুৰ্থ মহলাৰ কোঠাৰ তলা খুলিবলৈ যাওঁতে ওপৰৰ পৰা লোক জন পিছলি পৰে বুলি সন্দেহ প্ৰকাশ কৰিছে । চতুৰ্থ মহলাত ৰেলিং নথকাৰ বাবেই পিছলি পৰে বুলি প্ৰকাশ কৰিছে আন কৰ্মচাৰীয়ে । বৰ্তমান মৃত লোকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতালৈ প্ৰেৰণ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ