ব্ৰেকিং নিউজ

তেজপুৰৰ প্ৰাক্তন সাংসদ মনিকুমাৰ চুব্বাৰ দেহাৱসান

Sentinel Digital Desk

প্ৰাক্তন কংগ্ৰেছৰ সাংসদ আৰু দলৰ জেষ্ঠ নেতা মনিকুমাৰ চুব্বা আজি নতুন দিল্লীত দেহাৱসান ঘটে ।

মনিকুমাৰ চুব্বাৰ ষ্ট্ৰোকৰ পাছত পেৰেলাইয হৈ পৰিছিল । নতুন দিল্লীৰ এখন ব্যক্তিগত হস্পিতালত চিকিৎসাধীন হৈ আছিল বহু সময় ধৰি ।

২০১৪ চনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে হৃদ ৰোগত আক্ৰান্ত হৈছিল মনিকুমাৰ চুব্বা ।

তেজপুৰ লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে ১২ সংখ্যক , ১৩ সংখ্যক আৰু ১৪ সংখ্যক লোকসভা নিৰ্বাচনত জয়ী হৈ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

কংগ্ৰেছৰ জেষ্ঠ নেতা মনিকুমাৰ চুব্বা জন্ম হৈছিল ১৯৫৮ চনৰ ১৬ মাৰ্চত।

মনি কুমাৰ চুব্বাৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে ।অসম প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ নেতা আৰু দলৰ কৰ্মী সকলে গুৱাহাটীত তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ