ব্ৰেকিং নিউজ

দেশৰ ৫০ শতাংশ এ.টি.এম বন্ধ হ’ব পাৰে মাৰ্চৰ ভিতৰত:কনফেডাৰেশ্বন আৱ এ টি এম ইণ্ডাষ্ট্ৰি

Sentinel Digital Desk

২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত বন্ধ হ’ব পাৰে দেশৰ প্ৰায় ৫০ শতাংশ এ.টি .এম ৷ বুধবাৰে এই কথা প্ৰকাশ কৰে কনফেডাৰেশ্বন আৱ এ টি এম ইণ্ডাষ্ট্ৰি অৰ্থাৎ কেটমিয়ে ৷ সদ্যহতে,দেশত ২ লাখ ৩৮ হাজাৰটা এ টি এম কাৰ্যক্ষম হৈ আছে ৷ইয়াৰে ১ লাখ ১৩ হাজাৰটা এ টি এম অহা বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত বন্ধ হ’ব পাৰে ৷

যদিহে দেশৰ বৃহৎ সংখ্যক এ টি এম বন্ধ হৈ পৰে৷তেন্তে জনসাধাৰণৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব ৷ কাৰণ দেশৰ অধিক সংখ্যক লোকে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত ৰখা সাঁচতীয়া ধনসমূহ তেওঁলোকে এ টি এমৰ জৰিয়তে লয়৷ এই মন্তব্য কেটমিৰ অধ্যক্ষ ভি বালাসুব্ৰনিয়ামে ৷ লগতে কয় প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ অধীনত থকা দেশৰ অসংখ্য জনগনৰ যথেষ্ট বিপদৰ সন্মুখীন হ’ব ৷

ইফালে যদিহে দেশৰ এ টি এম সমূহ বন্ধ হৈ যায় তেন্ত দেশত পুনৰ বিমুদ্ৰাকৰণৰ সময়ত হোৱা হাৰাশাস্তিৰ দৰে সমস্যাৰ সন্মুখীন হ’ব লগীয়া পৰিস্থিতি হ’ব বুলিও আশংকা কৰাৰ কৰা প্ৰকাশ কৰে কেটমিৰ সঞ্চালক ভি বালাসুব্ৰনিয়ামে। লগতে বালাসুব্ৰনিয়ামে প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ এ.টি.এমৰ হাৰ্দৱেৰ আৰু ছফটৱেৰ সাল সলনি কৰাৰ বাবে যি নিৰ্দেশনা জাৰি কৰা হৈছে ৷ সেই নিৰ্দেশনা সকলো এ টি এমত গ্ৰহন যোগ্য ন’হব ৷গতিকে এ টি এম সমূহ বন্ধ হোৱাৰ আশংকা প্ৰকাশ কৰিছে কেটমিৰ সঞ্চালক গৰাকীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক:ব্ৰেকিং নিউজ