ব্ৰেকিং নিউজ

নেছোৰ প্ৰতিনিধি দলক আবদ্ধ কৰি ৰাখিলে ত্ৰিপুৰাত

Sentinel Digital Desk

নেছোই আহ্বান কৰা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সময়ত ত্ৰিপুৰাত ত্ৰিপুৰা আৰক্ষীৰ গুলীচালনাত আহত প্ৰতিবাদী ছাত্ৰ-কৰ্মীৰ খবৰ লবলৈ যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যকে ধৰি নেছোৰ প্ৰতিনিধি দল এটা বৃহস্পতি বাৰে ত্ৰিপুৰালৈ ৰাওনা হৈছিল। ত্ৰিপুৰাৰ পৰা অহা শেহতীয়া খবৰ অনুসৰি উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধি দলটোক ত্ৰিপুৰা আৰক্ষীয়ে আহত প্ৰতিবাদকাৰী ছাত্ৰ সকলৰ খবৰ লবলৈ যাবলৈ অনুমতি প্ৰদান নকৰি আবদ্ধ কৰি ৰাখিছে।

ত্ৰিপুৰাৰ জনজাতীয় যুৱক সকলে নাগৰিত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ বাবে মাধৱবাৰী আৰু ইয়াৰ পাৰ্শ্চৱৰ্তী অঞ্চল সমূহত ৮ জানুৱাৰীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ত্ৰিপুৰা আৰক্ষীয়ে এই প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰাৰ বাবে গুলী চালনা কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিবাদকাৰী ছাত্ৰ সকল আহত হয়। ঘটনাৰ পৰা লাভ কৰা তথ্য অনুসৰি ১৫ জনকৈ ছাত্ৰ আৰক্ষীৰ গুলীত আহত হয় ইয়াৰ ভিতৰত সাত জনৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ নেতৃত্বত যোৱা নেছোৰ প্ৰতিনিধি দলটোৱে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ত্ৰিপুৰালৈ গৈছিল আৰু স্থানীয় জনতাৰ মতামত গ্ৰহণ কৰিছিল কিন্তু ত্ৰিপুৰা আৰক্ষীয়ে নেছোৰ প্ৰতিনিধি দলটোক বাধা প্ৰদান কৰি আগৰতলাৰ খুমলাঙত আবদ্ধ কৰি থয়।

উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ দিনটোত প্ৰতিবাদকাৰী ছাত্ৰ সকলৰ খুমলাঙ অঞ্চলত আৰক্ষীৰ লগত সংঘাত হৈছিল আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠি চাৰ্জ আৰু ব্লেংক ফায়াৰ কৰিছিল প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ বাবে। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত ৰবৰৰ গুলী আৰু কন্দুৱা গেছো প্ৰয়োগ কৰিছিল। মাধৱবাৰী আৰু ইয়াৰ পাৰ্শ্চৱৰ্তী অঞ্চলত ১৪৪ নং ধাৰা প্ৰয়োগ কৰা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ: