ব্ৰেকিং নিউজ

পঞ্চম দিনাও অব্যাহত আছে সদৌ অসম নাৰ্চ সন্থাৰ কৰ্মবিৰতি

Sentinel Digital Desk

পঞ্চম দিনাও অব্যাহত আছে সদৌ অসম নাৰ্চ সন্থাৰ কৰ্মবিৰতি। ৰাজ্যৰ ছয়খন চিকিৎসা মহাবিদ্যালয়ত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতিৰ পিছতো চৰকাৰৰ সৈতে হোৱা আলোচনাত কোনো ধৰণৰ লিখিত নিশ্চয়তা নোপোৱাত অব্যাহত আছে এই কৰ্মবিৰতি। বিভিন্ন সংবাদ মাধ্যমত কৰ্মবিৰতি ভংগ কৰা বুলি ওলোৱা উৰা বাতৰিক সদৌ অসম নাৰ্চ সন্থাৰ সম্পাদিকা জুনু চুতীয়া দিহিঙিয়াই নাকচ কৰি এই কৰ্মবিৰতি দাবী সমূহ পূৰণৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়া পৰ্য্যন্ত অব্যাহত থাকিব বুলি ঘোষণা কৰে। আনহাতে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিৱ সমীৰ সিনহাৰ সৈতে সদৌ অসম নাৰ্চ সন্থাৰ এক আলোচনা অনুষ্ঠিত হৈছিল। আলোচনাৰ অন্তত নাৰ্চ সন্থাৰ সভাপতি অঞ্জনা শইকীয়াই ৰাজ্য

চৰকাৰৰ সৈতে হোৱা আলোচনা যথেষ্ট যোগাত্মক বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ