ব্ৰেকিং নিউজ

পুলৱামাৰ সংঘৰ্ষত দুজন জেইছ-ই-মহম্মদৰ সদস্য নিহত

Sentinel Digital Desk

জম্মু–কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হয় ২ জন জেইছ-ই- মহম্মদৰ সদস্য । নিহত জেইছ-ই-মহম্মদৰ কামাণ্ডাৰ কামৰান ১৪ ৰ ফেব্ৰুৱাৰীত পুলুৱামা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল । সংঘৰ্ষত শ্বহীদ চাৰিজন ভাৰতীয় সেনাৰ জোৱান লগতে ২ জন সাধাৰণৰ নাগৰিকো নিহত হয় ।

সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ হয় সেনাৰ এজন মেজৰসহ চাৰিজন জোৱান। দক্ষিণ কাশ্মীৰৰ পিংগলান অঞ্চলত পুৱাৰে পৰা সন্ত্ৰাসবাদীৰে তুমুল সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। নিশা দুয়োপক্ষৰ মাজত চলিছিল প্ৰচণ্ড গুলীয়াগুলি। আৰ্মীৰ ৫৫ RR, CRPF, SOG ৰ যৌথ সহযোগত এই অভিযান চলোৱা হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ