ব্ৰেকিং নিউজ

মিজোৰামত ৭৩ শতাংশ ভোটদান ৷

Sentinel Digital Desk

মিজোৰামত আজি অনুষ্ঠিত হোৱা ভোটদানত ৭৩ শতাংশ ভোটদান হয় ৷ এই কথা প্ৰকাশ কৰিছে মিজোৰাম নিৰ্বাচন বিষয়া আশীষ কুন্ড্ৰাই৷ উল্লেখ্য যে,ৰাজ্যখনৰ মুঠ ৪০ খন আসনৰ বাবে ভোটগ্ৰহন আৰম্ভ হৈছিল আজি পুৱা ৭ বজাৰ পৰা ৷

প্ৰায় ৭.৭০ লাখৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷১,১৬৪ টা ভোট কেন্দ্ৰত ২০৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰে লোকসকলে ৷ ৰাজ্যখনত কংগ্ৰেছ আৰু এম এন এফ অৰ্থাৎ মিজো নেশ্যনেল ফ্ৰন্টে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে ৩৯ খনত বিজেপিয়ে আৰু জেদ পি এম অৰ্থাৎ জোৰাম পিপ’ল ম’ভমেন্টয়ে ৩৭ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

অন্য খবৰৰ বাবে পঢ়ক: ব্ৰেকিংনিউজ