ব্ৰেকিং নিউজ

শ্ৰীলংকা বোমা বিস্ফোৰণ: ভেন বিস্ফোৰণ, কলম্বোত ৮৭ বোমা উদ্ধাৰ

Sentinel Digital Desk

দেওবাৰে শ্ৰীলংকাৰ কলম্বোৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত পুনৰ সোমবাৰে কলম্বোৰ গীৰ্জাৰ ওচৰত এখন ভেনত বোমা বিস্ফোৰণ সংঘটিত হৈছে। বোমাটো নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিস্ফোৰণ সংঘটিত হয় বুলি প্ৰকাশ কৰিছে ।

কলম্বোৰ বাসস্থানৰ সমীপত ৪৭ বোমা উদ্ধাৰ কৰিছিল । দেওবাৰে ধাৰাবাহিক বোমা বিস্ফোৰণত ২৯০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ জনৰো অধিক লোক আহত হয় ।

৭ জন আত্মঘাটী বোমাৰোয়ে এই ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিছিল বুলি প্ৰকাশ কৰে। ঘটনাৰ লগত জড়িত ২৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বোমা বিস্ফোৰণত ৫ জন ভাৰতীয় নিহত হৈছে বুলি প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰীয়ে|

বিদেশ মন্ত্ৰী সুষমা স্বৰাজে বোমা বিস্ফোৰণত তিনি জন ভাৰতীয়ক চিনাক্ত কৰাৰ কথা প্ৰকাশ কৰিছে । লক্ষ্মমী, নাৰায়ণ চন্দ্ৰশেখৰ আৰু ৰমেশ বুলি প্ৰকাশ কৰিছে । বিদেশ মন্ত্ৰী সুষমা স্বৰাজে টুইটাৰৰ যোগে কয় কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্তয়ে সকলো সুবিধা আৰু হেল্প লাইন নম্বৰ মুকলি কৰিছে । নম্বৰ কেইটা হৈছে +৯৪৭৭৭৯০৮২, +৯৪১১২৪২২৭৮৮, +৯৪১১২৪২২৭৮৯|

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ