ব্ৰেকিং নিউজ

ৰাজ্যবাসীৰ কাৰণে এক বৃহৎ সকাহঃ ৰাজ্যসভাত উত্থাপন ন’হল নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬

Sentinel Digital Desk

উত্তৰ পূবৰ ৰাজ্য বাসিন্দা সকলৰ এক বৃহৎ সকাহ ৷ ৰাজ্যসভাত উত্থাপন ন’হল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৷ইফালে বিৰোধী দলে সদনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷যাৰ কাৰণে বুধবাৰে আগবেলা দুবাৰকৈ সদন স্থগিত কৰিব লগাত পৰিছিল সভাপতি ভেংকয়া নাইডুৱে ৷ অন্যহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) বিধেয়ক খন উত্থাপন কৰিবলৈ সময় নিৰ্ধাৰিত কৰিছিল৷কিন্তু অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হয় ৰাজ্যসভাৰ অধিবেশন ৷

উল্লেখ্য যে উত্তৰ পূবৰ ৰাজ্যসমূহৰ অসম,মেঘালয়,মনিপুৰ,সকলো দল সংগঠনে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷ লগতে বিধেয়কখনৰ সন্দৰ্ভত নতুন দিল্লীত ভোটৰ দ্বাৰা বাতিল কৰিবলৈ বৈঠক অনুস্থিত কৰিছিল উত্তৰ পূবৰ ছাত্ৰ সংগঠনে ৷লগতে সকলো ৰাষ্ট্ৰীয় দল তথা নেতা বিধেয়কখনৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান কৰিছিল ৷সম্প্ৰতি বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাত স্বত্ত্বিৰ নিশ্বাস পেলাইছে সকলোৱে ৷

উল্লেখ্য যে,বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি গৃহিত হয় তেন্তে বাংলাদেশ,আফগানিস্তান আৰু পাকিস্তানৰ লোকসকলে নাগৰিকত্ব লাভ কৰিব৷যাৰ কাৰনে পূৰ্বোত্তৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ