মনোৰঞ্জন

সূৰ্যবংশীৰ দৃশ্যগ্ৰহণস্থলীৰ পৰা অক্ষয় কুমাৰে অনুৰাগীলৈ আগবঢ়ালে ফাইট মাষ্টাৰৰ ফ’টো

Sentinel Digital Desk

বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আৰু নিৰ্দেশক ৰোহিত চেট্টীয়ে সুৰ্যবংশীৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা এখন আলোকচিত্ৰ অনুৰাগীলৈ আগবঢ়াইছে৷ অক্ষয় কুমাৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে যেতিয়া আপোনাৰ এক্সন শেষ হৈ যায় ।তেতিয়া এটা কথাই ৰৈ যায় যে আপোনাৰ সন্মুখত থকা ফাইট মাষ্টৰক গুলী মাৰি দিব লাগে ৷ লগতে সূৰ্যবংশীৰ ফাইট মাষ্টৰক সমগ্ৰ সূৰ্যবংশীৰ সময়ত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷

https://www.instagram.com/p/BzPUXC4HaDO/

হায়দৰাবাদত হোৱা দৃশ্যগ্ৰহণ কৰাৰ মাজতে অনুৰাগীলৈ আগবঢ়োৱা ফ’টো সমূহে অনুৰাগীৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে। সূৰ্যবংশী ছবিখনত হায়দৰাবাদত এক্সন দৃশ্যসমূহৰ দৃশ্যগ্ৰহণ কৰাৰ লগতে গানসমূহৰো দৃশ্য গ্ৰহণ কৰিছে। আনহাতে কেটৰীনা কাইফ,অক্ষয় কুমাৰ আৰু ফৰাহ খানৰ ৯০ দশকৰ হিট গান টিপ টিপ বৰসা পানী ৰিমেকৰ দৃশ্যগ্ৰহণ কৰিছে ৷

ইফালে, টিপ টিপ বৰসা পানীৰ গীতটিত পূৰ্বে অভিনয় কৰিছিল অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডেনে ৷ পুনৰ এইগীতটিত অভিনয় কৰিবলৈ পায় নিজকে অত্যন্ত সুখী অনুভৱ কৰে অক্ষয় কুমাৰে ৷ অক্ষয় কুমাৰে লগতে কয় যে মই এইটো গীতটিৰ জৰিয়তে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈছিলো ৷ গতিকে এই গীতটিত পুনৰ অভিনয় গ্ৰহণ কৰিবলৈ পায় অক্ষয় কুমাৰ যথেষ্ট সুখী ।

সূৰ্যবংশীয়ে মুক্তি লাভ কৰিব ২০২০ চনৰ ২৭ মাৰ্চত ৷ উল্লেখ্য যে প্ৰথমবাৰৰ কাৰণে অক্ষয় কুমাৰে ৰোহিত চেট্টীৰ লগত অভিনয় কৰিব ৷সিম্বা আৰু সিংঘমৰ সফলতাৰ পিছত ৰোহিত চেট্টী আগবাঢ়িছে সূৰ্যবংশী নিৰ্মাণৰ কাৰণে ।গতিকে ছবিখনে সকলোৰে মাজত এক বিশেষ ক্ৰিয়া কৰিব বুলি আশা কৰা হৈছে ৷ইফালে সূৰ্যবংশীৰ দৃশ্য গ্ৰহণ স্থলীৰ পৰা কেতিয়াবা গীত দৃশ্য গ্ৰহণৰ ছবি সন্মুখলৈ আহে আৰু কেতিয়াবা সকলোৱে কৰা আনন্দৰ৷

ৰোহিত চেট্টীৰ ছবি সূৰ্যবংশী ২০২০ চনৰ ঈদত মুক্তি লাভ কৰাৰ কথা আছিল ৷ছবিখনত অভিনয় কৰিছে কেটৰীনা কাইফ আৰু অক্ষয় কুমাৰে ৷ কিন্তু ছলমান খানৰ ইনছেআল্লাহৰ কাৰণে সূৰ্যবংশীক মুক্তি দিব ২০২০ চনৰ ২৭ মাৰ্চত ৷ ছলমান খানে এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে ৷ এই খবৰটো প্ৰকাশ কৰাৰ পিছত অক্ষয় কুমাৰৰ অনুৰাগীসকলৰ মাজত প্ৰতিক্ৰিয়া দেখা দিয়ে ৷ তেওঁলোকৰ অভিযোগ যে ৰোহিত চেট্টীয়ে অক্ষয় কুমাৰৰ মতামতৰ অবিহনে সূৰ্যবংশীৰ মুক্তিৰ দিন পিছোৱাইছে ৷

ইয়াৰ পিছত অভিনেতা অক্ষয় কুমাৰে অনুৰাগীসকললৈ অনুৰোধ কৰে যে নেতিবাচক দিশসমূহক যেন আৰু আগ নবঢ়াই।ইফালে টুইটাৰ যোগে অনুৰাগীক উদ্দেশ্য কৰি অক্ষয় কুমাৰে প্ৰকাশ কৰে যে বিগত কিছু দিনৰ পৰা মই কিছুমান লোকৰ নেতিবাচক মন্তব্য দেখিছোঁ ৷

মই আপোনালোকৰ খঙক বুজিব পাৰিছোঁ ৷ গতিকে মই আপোনালোকক অনুৰোধ কৰিছো যে এনে ধৰণৰ খবৰ প্ৰচাৰ নকৰিব ৷ মই সূৰ্যবংশীক ইতিবাচক হিছাপে আৰম্ভ কৰিছিলো ৷গতিকে ছবিখনক এনেকৈয়ে মুক্তি হ’বলৈ দিয়ক ৷