বলীউডৰ পৰিচালক ৰোহিত চেট্টীক অতিক্ৰম কৰিলে আন এগৰাকী পৰিচালকে: কিন্তু কিয়?

বলীউডৰ পৰিচালক ৰোহিত চেট্টীক অতিক্ৰম কৰিলে আন এগৰাকী পৰিচালকে: কিন্তু কিয়?

বলীউডৰ পৰিচালক প্ৰযোজক তথা বিছাৰক ৰোহিত চেট্টীৰ কথা সকলোৱে জানে ৷ৰোহিত চেট্টীৰ ছবি আৰু গাড়ী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷কিন্তু ৰোহিত চেট্টীৰ এইবাৰ প্ৰত্যাহ্বান জনাইছে সাহু ছবিৰ পৰিচালক সুজিতৰ ৷ৰোহিত চেট্টীৰ ছবিসমূহত য’ত প্ৰায় এক দৰ্জন গাড়ী উৰাই। ইয়াৰ বিপৰীতে সাহুত পৰিচালক সুজিতে প্ৰায় তিনিডৰ্জন গাড়ী ব্লাষ্ট কৰোৱাই ৷

এই ছবি খনৰ এক্সন এভেঞ্জাৰ আৰু টান্সফাৰ্মছৰ দৰে ছবিৰ ডিজাইন কৰা এটি টিমে নিৰ্মাণ কৰিছে ৷ মনকৰিবলগীয়া কথা এয়ে যে সাহু ছবিখনৰ টাইটেল লোৱা হৈছে সংস্কৃতৰ পৰা ৷সম্ভৱত প্ৰথমবাৰৰ কাৰণে বলীউডত কোনো ছবিৰ টাইটেল সংস্কৃতত লোৱা হৈছে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ছবিখনত প্ৰভাসৰ বিপৰীতে শ্ৰদ্ধা কাপুৰক লোৱাৰ সিদ্ধান্ত আছিল পৰিচালক সুজীতৰ ৷

উল্লেখ্য যে ,বলীউডৰ আন এখন চৰ্চিত ছবি সূৰ্যবংশীৰ মুক্তিৰ দিন পিছোৱাৰ পিছতেই অক্ষয় কুমাৰৰ অনুৰাগীসকলৰ মাজত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ইয়াৰ পিছত অভিনেতা অক্ষয় কুমাৰে অনুৰাগীসকললৈ অনুৰোধ কৰে যে নেতিবাচক দিশসমূহক যেন আৰু আগ নবঢ়াই।ইফালে টুইটাৰ যোগে অনুৰাগীক উদ্দেশ্য কৰি অক্ষয় কুমাৰে প্ৰকাশ কৰে যে বিগত কিছু দিনৰ পৰা মই কিছুমান লোকৰ নেতিবাচক মন্তব্য দেখিছোঁ ৷

মই আপোনালোকৰ খঙক বুজিব পাৰিছোঁ ৷ গতিকে মই আপোনালোকক অনুৰোধ কৰিছো যে এনে ধৰণৰ খবৰ প্ৰচাৰ নকৰিব ৷ মই সূৰ্যবংশীক ইতিবাচক হিছাপে আৰম্ভ কৰিছিলো ৷গতিকে ছবিখনক এনেকৈয়ে মুক্তি হ’বলৈ দিয়ক ৷ দৰাচলতে ৰোহিত চেট্টীৰ ছবি সূৰ্যবংশী ২০২০ চনৰ ঈদত মুক্তি লাভ কৰাৰ কথা আছিল ৷

সম্প্ৰতি মুকলি হ’ল সাহুৰ টিজাৰ ৷১.৩ মিনিটৰ টিজাৰটোত আৰম্ভনি হৈছে চাইনাৰ গেটৱে অফ হেবনৰ পৰা আৰম্ভ হৈছে। য’ত সুন্দৰী শ্ৰদ্ধা আৰু প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ টিজাৰটোত গেঙ আৰু গাড়ীৰ লগত প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ সাহু ছবিখনত দুটা সংলাপহে শুনা গৈছে ৷

সংলাপ কেইটা শুনা গৈছে শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাসৰ মুখত ৷ ডাইৰেক্টৰ সুজীতৰ সাহু ছবিখন হিন্দী,মালায়ালাম, তামিল আৰু তেলেগুত নিৰ্মাণ হ’ব। ছবিখনত জেকী শ্ৰফ,নীল নিতিন মুকেশ আৰু মুৰুলী শৰ্মাই অভিনয় কৰিছে ৷আজি মুক্তি পোৱা ছবিখনৰ টিজাৰটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷২০১৮ চনৰ প্ৰভাসৰ জন্ম দিনত ছবিখনৰ প্ৰথম টিজাৰ আহিছিল ৷

সাহুৰ কাৰণে দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসে ওজন হ্ৰাস কৰিছিল ।যাৰ কাৰণে প্ৰভাসে জীমলৈ গৈ ওজন হ্ৰাস কৰিছিল ৷ দুবছৰৰ আগয়ে সাহু ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷ সাহুৰ কাৰণে ৮৭-৮৮ কিলো ওজন আৱশ্যক। সাহুৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে ৷ কিন্তু ওজনৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ ৷অন্যহাতে,৩০০ কোটি বাজেটে নিৰ্মাণ হৈছে সাহু ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com