মনোৰঞ্জন

কৌন বনেগা কড়োৰপতি ৰিয়েলিটি শ্ব'ত নিজৰ ছবিৰ প্ৰশ্নত লাজ কৰিলে অমিতাভ বচ্চনে

Sentinel Digital Desk

কৌন বনেগা কড়োৰপতি ৰিয়েলিটি শ্ব'ত নিজৰ ছবিৰ প্ৰশ্নত লাজ কৰিলে অমিতাভ বচ্চনে । ছনি টিভিৰ এক জনপ্ৰিয় ৰিয়েলিটি শ্ব' কৌন বনেগা কড়োৰপতি।‌ এই অনুষ্ঠানত বিগ বি অমিতাভ বচ্চনে সকলোবোৰ অংশগ্ৰহণ কাৰীৰ লগতে কথা বতৰা পাতে। শুকুৰবাৰৰ কৌন বনেগা কড়োৰপতি অনুষ্ঠানৰ খণ্ডটিত এক ব্যতিক্ৰম দেখা যায়।‌

দৰাচলতে শুকুৰবাৰৰ কৌন বনেগা কড়োৰপতি অনুষ্ঠানৰ খণ্ডটিত উপস্থিত থাকে অভিনেত্ৰী সাক্ষী তম্বৰ আৰু সমাজসেৱক শ্যাম সুন্দৰ‌ পেলিৱাল উপস্থিত থাকে।দুয়োজনে তিনি নম্বৰ প্ৰশ্ন‌টোৰ উত্তৰ দি ৩০০০ টকা‌ লাভ কৰিছিল আৰু চতুৰ্থ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈছিল।

অমিতাভ বচ্চনে ৫০০০ টকাৰ প্ৰশ্ন সুধিব লয় তেতিয়া প্ৰশ্ন দেখি লাজ কৰে বিগ বি অমিতাভ বচ্চনে । প্ৰশ্নটোৰ আছিল যে " গানৰ এই অংশটোত কি ধৰণৰ পত্নীৰ কথা কোৱা হৈছে ''।

এই প্ৰশ্নটো শুনি অমিতাভ বচ্চনে হে ভগৱান বুলি কয় গানটো বজাবলৈ অনুৰোধ কৰে আৰু কয় যে তেওঁৰ বহুত ভয় লাগিছে ।

তাৰ পিছতেই কম্পিউটাৰে " জিসকী বিবি লাম্বা" গানটো বজায় । গানটো শুনি অমিতাভ বচ্চনে কয় যে " আপুনি মোক লজ্জিত কৰিছে, ব্যৱহাৰ নাজানে নেকি আপুনি"।

তাৰ পিছতেই অমিতাভ বচ্চনে গীতটিৰ আৰত থকা কাহিনী ৰাইজৰ আগত দাঙি ধৰে।‌গানটোৰ কথা মনত পেলাই অমিতাভ বচ্চনে কয় যে সেই সময়ত তেওঁ এলাহাবাদত আছিল আৰু বিয়া বাৰুৰ সময়ত এনেকুৱা ধৰণৰ গান বজোৱা হয়।‌ লগতে কয় যে এই গানটো প্ৰথমতে তেওঁ বাবুজীৰ মুখৰ পৰা শুনিছিল । লগতে কয় যে হোলীৰ সময়ত তেওঁ মুম্বাই আহিলে নিজৰ বন্ধু বৰ্গক লগ কৰে । চলচ্চিত্ৰ নিৰ্দেশক প্ৰকাশ মেহৰাই‌ এবাৰ হোলীৰ সময়ত তেওক আমন্ত্ৰণ জনাইছিল ।‌সেই সময়তে প্ৰকাশ মেহৰাই গানটো শুনিছিল আৰু গানটো তেওঁক লাগে কৈছিল । এনেদৰেই এই গানটো সৃষ্টি হোৱা বুলি কয়‌‌ বিগ‌ বি‌ অমিতাভ বচ্চনে।